কৰ’না প্ৰতিৰোধৰ কাৰণে চৰকাৰে দিয়া তলাবন্ধৰ কাৰণে সম্প্ৰতি ৰাজ্যৰ একাংশ থিয়েটাৰ, চাৰ্কাচদলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷ লকডাউনৰ পৰিণতিত ব্যাপক লোকচানৰ সন্মুখীন হোৱা এনে ভ্ৰাম্যমাণ দলসমূহৰ লগত থকা সদস্যসমূহে সম্প্ৰতি খাদ্যৰ অভাৱত কচু ঢেকীয়া খাই জীৱন নিৰ্বাহ কৰাৰ ঘটনা পোহৰলৈ আহিছে কোকৰাঝাৰত ৷ চহৰখনত নিউ গুৰিয়া চাৰ্কাচ আৰু যাদু নামৰ ভ্ৰাম্যমাণ দলটোৱে চাৰ্কাচ আৰু যাদু প্ৰদৰ্শন কৰি থকা অৱস্থাত দিয়া তলাবন্ধৰ কাৰণে আৱদ্ধ হৈ পৰে চাৰ্কাচৰ দলটো ৷ যাৰ কাৰণে এখন তিৰপালৰ তলতে কণমানি শিশু,মহিলা সহিতে নিউ গুৰিয়া আৰু যাদু নামৰ চাৰ্কাচ দলটোৰ প্ৰায় ২৮ গৰাকী সদস্যই কচু ঢেকীয়া খাই দুৰ্বিষহ জীৱন নিৰ্বাহ কৰাৰ কৰুণ গাথাঁই প্ৰত্যেকজন হৃদয়বান লোকৰ অন্তৰ সেমেকাই তুলিছে ৷
ইপিনে সম্প্ৰতি চাৰ্কাচ দলটোৰ লোকসকল ঘৰলৈ ঘূৰি যাবলৈ হাতত পৰ্যাপ্ত ধনো নাই । এনেসময়তে কোকৰাঝাৰ ৰাজহ চক্ৰ বিষয়া দীপন বৰ্মনে চাৰ্কাচ দলটোৰ দুৰ্দশাৰ বাতৰি লাভ কৰি চাৰ্কাচস্থলীত উপস্থিত হয় । আৰু আৱদ্ধ চাৰ্কাচস্থলীৰ আৱাসীৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ ইয়াৰোপৰি কোকোৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ’জী ৰাণী শৰ্মা আৰু উপ আৰক্ষী অধীক্ষক অমল ৰাজবংশীয়েও দৰিদ্ৰ লোকসকলৰ মাজত নিজৰ সঞ্চিত ধন ব্যয় কৰি খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ লগতে কৰ’না প্ৰতিৰোধ কৰিবলৈ চৰকাৰে দিয়া তলাবন্ধক মানি চলিবলৈ সকলোকে আহ্বান কৰে তেওঁলোকে ৷