চাৰিওদিশে ক’ৰনাক লৈ আতংকময় পৰিস্থিতি । এখনৰ পাছত আন এখন দেশ গ্ৰাস কৰিছে ক’ৰনাই । ক’ৰনাৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ চৰকাৰে বাৰে বাৰে সজাগ কৰিছে জনতাক। ঠিক এই সময়তে বিশেষজ্ঞ চিকিৎসকৰ এটা দলে পোহৰলৈ আনিছে এটা বিশেষ তথ্য । ধূম্ৰপানৰ অভ্যাসে বৃদ্ধি কৰে ক’ৰনা ভাইৰাছত আক্ৰান্ত হোৱাৰ সম্ভৱনা । সমগ্ৰ বিশ্বত অতি কমেও ১২হাজাৰ লোক ক’ৰনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে । এই মৃত্যু হোৱা লোকৰ অধিকাংশ ই পুৰুষ । ‘চাইনিজ চেণ্টাৰছ অৱ ডিজিজ কণ্ট্ৰোল’ৰ পৰিসংখ্যা বিশ্লেষণ কৰি এই তথ্য প্ৰকাশ কৰিছে বিবিচিয়ে । ৪৪ হাজাৰ ৰোগীৰ তথ্য বিশ্লেষণ কৰি পোৱা মতে ২.৮ শতাংশ পুৰুষ,১.৭ শতাংশ মহিলা আৰু শিশুৰ সংখ্যা ০.২শতাংশ । মৃতকৰ ১৫ শতাংশ ই বয়স্ক লোক । এই বিষয়ত চিকিৎসক সকলৰ দাবী বাহিৰলৈ ওলোৱা আৰু ঘনাই ধূম্ৰপান কৰাই ইয়াৰ অন্যতম কাৰণ । এই ধৰণৰ ভাইৰাছৰ আক্ৰমণত ধূম্ৰপায়ী সকলৰ মৃত্যুৰ সংখ্যাই অধিক । গতিকে ধূম্ৰপান কৰা সকলে বিৰত থাকক ধূম্ৰপান কৰাৰ পৰা ।
ধূম্ৰপায়ী সকল সাৱধান!
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19STAY HOME STAY SAFE
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025