বলিউডৰ ক’ৰনাত আক্ৰান্ত প্ৰথমগৰাকী আছিল সঙ্গীত শিল্পী কনিকা কপুৰ । ইতিমধ্যে শিল্পী গৰাকীয়ে হাস্পতালৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি লাভ কৰিছিল। সোমবাৰে বলিউডত ক’ৰনাত আক্ৰান্ত দ্বিতীয় গৰাকী ৰোগী ৰূপে চিনাক্ত হ’ল প্ৰযোজক কৰিম ম’ৰানীৰ কন্যা শ্বাজা ম’ৰানী । কিন্তু এইবাৰ তৃতীয় গৰাকী ৰোগী হিচাপে এই ভাইৰাছৰ সংক্ৰমণ ধৰা পৰে শ্বাজাৰ ভগ্নী অভিনেত্ৰী জয়া ম’ৰানীৰ দেহত । শ্বাজাই তলাবন্ধৰ সময়ত অষ্ট্ৰেলিয়াৰ পৰা ভাৰতলৈ উভতি আহিছিল। ১৪দিন কোৱাৰেন্টাইনত থকাৰ পাছত শ্বাজাৰ শৰীৰত ক’ৰনাৰ সংক্ৰমণ ধৰা পৰে । একেটা পৰিয়ালৰ জয়াৰো স্বাস্থ্য পৰীক্ষা কৰাত তেওঁৰ শৰীৰতো ক’ভিড-১৯ধৰা পৰে । বৰ্তমান মুম্বাইৰ নানাৱতী হাস্পতালত দুয়ো ভগ্নী চিকিৎসাধীন হৈ আছে ।
বলিউডত ক’ৰনা আক্ৰান্ত তৃতীয় গৰাকী অভিনেত্ৰী জয়া ম’ৰানী
-
By publisher

- Categories: COVID-19, News
- Tags: Covid-19FIGHT AGAINST COVID-19INDIA FIGHTS CORONASTAY HOME STAY SAFEZOA MORANI
Related Content
Bomb Hoax দিল্লী অহাৰ পথত মার্কিন বিমানত বোমাতংক !
By
publisher
February 24, 2025
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025