অনুকৰণীয় পদক্ষেপৰ বাবেই মৃতকৰ সংখ্যা শূন্য ভিয়েটনামত

download

বিশ্ব স্বাস্থ্য সংস্থা আৰু আমেৰিকাৰ জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি,এই পৰ্যন্ত কৰ’না ভাইৰাছত আক্ৰান্ত হৈ ভিয়েটনামত এজনো লোকৰো মৃত্যু হোৱা নাই। প্ৰতিবেশী চীনসহ এছিয়াৰ দেশসমূহত কৰ’নাত আক্ৰান্ত হোৱা লোকৰ মৃত্যুয়ে চিকিৎসক, সাধাৰণ মানুহ তথা চৰকাৰসমূহক চিন্তান্বিত কৰি তুলিছে। তেনে সময়তে ভিয়েটনামে কিদৰে কৰ’না সংক্ৰমণ প্ৰতিৰোধ কৰি ৰাখিছে আৰু আক্ৰান্ত ৰোগীসকলৰ মৃত্যু শূন্যৰ ঘৰত ধৰি ৰাখিছে,সেয়াই আন সকলোৰে বাবে আশ্চৰ্যৰ বিষয় হৈ পৰিছে ৷ সংবাদ মাধ্যমসমূহৰ তথ্য অনুসৰি ভিয়েটনামত চৰকাৰীভাৱে স্বাস্থ্য পুঁজিত বিনিয়োগ আৰু ৰোগৰ চিকিৎসাতকৈ ৰোগ প্ৰতিৰোধ কৰাৰ যি কাৰ্যসূচী দীৰ্ঘদিন ধৰি অব্যাহত ৰাখিছে ৷ সেই পদক্ষেপেই কৰ’না ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত বৃহৎ ঢালৰ কাম কৰিছে ৷ কিয়নো যেতিয়া কৰ’না ভাইৰাছ বা ক’ভিড ১৯ বিশ্বত বিয়পি পৰা নাছিল ,তাৰ বহু আগতেই ভিয়েটনামে সমগ্ৰ দেশতে তলাবন্ধ ঘোষণা কৰিছিল ৷ ইয়াৰ বাবেই দেশখনত ভাইৰাছ নিয়ন্ত্ৰণত ৰখাটো সহজ হৈ পৰে ৷

বিশ্ব স্বাস্থ্য সংস্থাই চলিত সপ্তাহত সদৰী কৰা তথ্য অনুসৰি, ভিয়েটনামত কৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা মাত্ৰ ২৪৫ জন ৷ আনহাতে জনছ হপ’কিন্স বিশ্ববিদ্যালয়ৰ তথ্য অনুযায়ী এই সংখ্যা হৈছে ২৪৯ ৷ অৱশ্যে উভয় সংস্থাই জনাইছে যে এই পৰ্যন্ত ভিয়েটনামত কোনো কৰ’না আক্ৰান্তৰ মৃত্যু হোৱা নাই ৷ইতিমধ্যে দেশখনৰ ১২৩ জন লোক এই ভাইৰাছৰ পৰা মুক্ত হৈ সুস্থ হৈছে । উল্লেখ যে চীনৰ উহানৰ পৰা দেশলৈ উভতি অহা এজন ৬৬ বছৰীয়া ভিয়েটনামী লোকৰ শৰীৰত প্ৰথমে কৰ’না ভাইৰাছ চিনাক্ত হয়। যোৱা ২৩ জানুৱাৰীত লোকজন কৰ’নাত আক্ৰান্ত হোৱা বুলি ভিয়েটনাম চৰকাৰে ঘোষণা কৰে ৷ সেই দিনাৰ পৰা ১১ ফ্ৰেব্ৰুৱাৰী পৰ্যন্ত ক’ভিড ১৯ ৰোগীৰ সংখ্যা ১৪  জনলৈ বৃদ্ধি পায় । ইয়াৰ ভিতৰত দুটা চীনা নাগৰিক আৰু বাকীকেইজন ভিয়েটনামী ৷ তেতিয়াই ব্যাপক আকাৰত সংক্ৰমণ বিয়পি পৰাটো ৰোধ কৰিবলৈ দেশখনৰ চৰকাৰে সকলো শিক্ষা প্ৰতিষ্ঠান বন্ধ কৰি দিয়ে ৷

লগতে কৰ’না ভাইৰাছৰ প্ৰসংগতো সাধাৰণ লোকৰ মাজত ব্যাপকভাৱে প্ৰচাৰ চলায় ৷ কিদৰে এই ভাইৰাছ বিয়পি পৰে, কি কৰিলে সুস্থ হৈ থাকিব পাৰি, সেয়াই আছিল প্ৰচাৰৰ মূল বক্তব্য ৷ এইবোৰৰ লগতে দেশখনৰ স্বাস্থ্য বিভাগে সন্দেহজনক লোকসকলক বিচাৰি পৰীক্ষা কৰায় ৷ কিন্তু যোৱা দুই মাৰ্চত দেশখনক মহাবিপদত পেলায় এগৰাকী প্ৰভাৱশালী মহিলা ব্যৱসায়ীয়ে ৷ ইউৰোপৰ তিনিখন দেশ ভ্ৰমণ কৰি আহি বিমানবন্দৰত কৰ্মচাৰীক ফাকি দি নিজদেশত প্ৰবেশ কৰিছিল ৷ বিমানকোঠৰ পৰীক্ষাত ফাকি দিলেও অৱশ্যে তেওঁক ভিয়েটনামৰ আৰক্ষীয়ে আটক কৰে ৷ ইয়াৰ পিছত গম পোৱা গ’ল যে মহিলাগৰাকী কৰ’নাত আক্ৰান্ত ৷

ইয়াৰ পিছতে ভিয়েটনাম চৰকাৰে মহিলাগৰাকীয়ে যিখন বিমানত যাত্ৰা কৰিছিল সেই বিমানখনৰ সকলো যাত্ৰীক কোৱাৰেন্টাইনত ৰখা হয় ৷ আৰু মহিলাগৰাকীয়ে যিটো পথেৰে যাত্ৰা কৰিছিল সেই পথটোকো বীজাণুমুক্ত কৰা হয়। আৰু সেই পথটোৰ কাষত থকা সকলো লোকৰে স্বাস্থ্য পৰীক্ষা কৰোৱা হয় ৷ কিন্তু ইমানবোৰ কৰাৰ পিছতো আক্ৰান্তৰ সংখ্যা ২৪৯ জনলৈ বৃদ্ধি পায় ৷ ভিয়েটনামৰ স্বাস্থ্য বিভাগে ধাৰণা কৰে যে ইউৰোপৰ পৰা উভতি অহা মহিলাগৰাকীয়ে বিমানবন্দৰত ফাকি নিদিয়া হ’লে আক্ৰান্তৰ সংখ্যা ইমান নাবাঢ়িলহেঁতেন ৷ অৱশ্যে চীন, দক্ষিণ কোৰিয়া, জাপান আদি দেশৰ তুলনাত ভিয়েটনামে এই পৰ্যন্ত কৰ’না ভাইৰাছৰ মোকাবিলাৰ বাবে যিখিনি কৰিছে সেয়া সমগ্ৰ বিশ্বৰ বাবেই অনুকৰণীয় ৷ কৰ’না ভাইৰাছৰ কাৰণে পৰ্যটন নিৰ্ভৰ দেশখনে আগন্তুক তিনি মাহত হেৰুৱাব ৫.৯ ৰ পৰা সাত আৰব আমেৰিকান ডলাৰ ৷ তৎস্বত্বেও মৃত্যু আৰু সংক্ৰমণ ৰোধ কৰি ৰখা বিষয়টোক সমগ্ৰ বিশ্বই অন্য দৃষ্টিৰে চাইছে ৷ কেৱল সেয়াই নহয় দেশখনে কম মূল্যতে কৰ’না চিনাক্তকৰণৰ কিট তৈয়াৰ কৰিছে ৷

 

Exit mobile version