তলাবন্ধৰ বাবে বহু লোকে ঘৰৰ পৰাই ইণ্টাৰনেটত কাৰ্য্যালয়ৰ কাম-কাজ সম্পন্ন কৰিছে । দেশৰ বিশিষ্ট উদ্যোগপতি তথা মহিন্দ্ৰাৰ স্বত্বাধিকাৰী আনন্দ মহিন্দ্ৰায়ো ঘৰতে থাকি কাৰ্য্যালয়ৰ যাৱতীয় কাম-কাজ কৰি আহিছে । অলপতে ভাইৰেল হল আনন্দ মহিন্দ্ৰাৰ এটা টুইট । টুইটটোত মহিন্দ্ৰাই কয় যে ঘৰতে থাকি কাৰ্য্যালয়ৰ কাম-কাজ কৰাৰ সময়ত কাৰ্য্যালয়ৰ ‘ফৰ্মেল পোছাক’ পিন্ধাতকৈ তেওঁ লুঙী পিন্ধিহে বেছি আৰাম অনুভৱ কৰে । আনকি কাৰ্য্যালয়ৰ গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰাৰ পাছতো মহিন্দ্ৰাই তেওঁৰ ঘৰুৱা প্রিয় পোছাক লুঙী পৰিধান কৰিছে । লগতে ৰসিকতা কৰি তেওঁ কয় যে ‘মই এটা কথা স্বীকাৰ কৰিব বিচাৰিছো । ঘৰৰ পৰা কৰা ভিডিঅ’ কলৰ সময়ত মই ছাৰ্টৰ তলত প্রিয় লুঙী পৰিধান কৰিছিলো । এনে বৈঠকত অংশ লোৱাৰ সময়ত মই থিয় হ’ব লগা হোৱা নাছিল । কিন্ত এতিয়া মই ভাবিছো যে এই টুইট পঢ়াৰ পাছতহে মোৰ সহকৰ্মীসকলে মোক ভিডিঅ’ কলৰ সময়ত থিয় হ’বলৈ ক’ব পাৰে ।’
এটা ভাইৰেল টুইট
-
By publisher

ADVERTISEMENT
- Categories: COVID-19, Entertainment, News
- Tags: ANAND MAHINDRACovid-19FIGHT AGAINST COVID-19INDIA FIGHTS CORONASTAY HOME STAY SAFEWORK FROM HOME
Related Content
'কাকুতি-মিনতিৰো লাভ নাই 'সিন্ধু জলচুক্তি বাতিলৰ সিদ্ধান্তত অটল ভাৰত , জনালে জয়শংকৰে
By
publisher
May 15, 2025
Aaranyak Award:উত্তৰ পূৱত এছিয়ান হাতীৰ সংৰক্ষণৰ বাবে কৰা কামৰ স্বীকৃতি
By
publisher
May 15, 2025
Beltala Bazar Incident:মহানগৰীৰ বেলতলা বজাৰত অঘটন
By
publisher
May 15, 2025
Kaliabhumura Accident:কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰেইলৰ
By
publisher
May 15, 2025
ৰাজস্থান গাঁৱত উদ্ধাৰ হ'ল সাত ফুট দৈৰ্ঘ্যৰ ড্ৰ'ন ! সতৰ্কবাণী জাৰি
By
publisher
May 15, 2025