তলাবন্ধৰ বাবে বহু লোকে ঘৰৰ পৰাই ইণ্টাৰনেটত কাৰ্য্যালয়ৰ কাম-কাজ সম্পন্ন কৰিছে । দেশৰ বিশিষ্ট উদ্যোগপতি তথা মহিন্দ্ৰাৰ স্বত্বাধিকাৰী আনন্দ মহিন্দ্ৰায়ো ঘৰতে থাকি কাৰ্য্যালয়ৰ যাৱতীয় কাম-কাজ কৰি আহিছে । অলপতে ভাইৰেল হল আনন্দ মহিন্দ্ৰাৰ এটা টুইট । টুইটটোত মহিন্দ্ৰাই কয় যে ঘৰতে থাকি কাৰ্য্যালয়ৰ কাম-কাজ কৰাৰ সময়ত কাৰ্য্যালয়ৰ ‘ফৰ্মেল পোছাক’ পিন্ধাতকৈ তেওঁ লুঙী পিন্ধিহে বেছি আৰাম অনুভৱ কৰে । আনকি কাৰ্য্যালয়ৰ গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰাৰ পাছতো মহিন্দ্ৰাই তেওঁৰ ঘৰুৱা প্রিয় পোছাক লুঙী পৰিধান কৰিছে । লগতে ৰসিকতা কৰি তেওঁ কয় যে ‘মই এটা কথা স্বীকাৰ কৰিব বিচাৰিছো । ঘৰৰ পৰা কৰা ভিডিঅ’ কলৰ সময়ত মই ছাৰ্টৰ তলত প্রিয় লুঙী পৰিধান কৰিছিলো । এনে বৈঠকত অংশ লোৱাৰ সময়ত মই থিয় হ’ব লগা হোৱা নাছিল । কিন্ত এতিয়া মই ভাবিছো যে এই টুইট পঢ়াৰ পাছতহে মোৰ সহকৰ্মীসকলে মোক ভিডিঅ’ কলৰ সময়ত থিয় হ’বলৈ ক’ব পাৰে ।’
এটা ভাইৰেল টুইট
-
By publisher

- Categories: COVID-19, Entertainment, News
- Tags: ANAND MAHINDRACovid-19FIGHT AGAINST COVID-19INDIA FIGHTS CORONASTAY HOME STAY SAFEWORK FROM HOME
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026