খাটি খোৱা মানুহৰ বাবে অভিশাপ স্বৰূপ হৈ পৰিছে মাৰাত্মক কৰ’না ভাইৰাছ। বিশ্বজুৰি কোটি কোটি মানুহৰ জীৱনলৈ বিপৰ্যয় কঢ়িয়াই অনা কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ভাৰতৰ অসংগঠিত খণ্ডত কৰ্মৰত প্ৰায় ৪০ কোটি লোক দৰিদ্ৰতাৰ গ্ৰাসত পতিত হ’ব ৷চলিত বৰ্ষৰ পাছৰ তিনিমাহত বিশ্বজুৰি ২০ কোটি হেৰুৱাব চাকৰি ৷ ৰাষ্ট্ৰসংঘই এই সকীয়নি দিছে। আন্তৰ্জাতিক শ্ৰমিক সংস্থা(আই এল অ’)ই এক প্ৰতিবেদনত বিশ্ব মহামাৰী কৰ’না ভাইৰাছত দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ সবাতোকৈ শোচনীয় বিশ্বসংকট বুলি অভিহিত কৰিছে। উন্নত আৰু উন্নতকামী উভয় দেশতে শ্ৰমিক আৰু ব্যৱসায়ীলৈ বিপৰ্যস্ত নামি আহিছে । আমি একত্ৰিতভাৱে দ্ৰুত আৰু সংকল্পবদ্ধ ৰূপত আগুৱাই যাব লাগিব। শুদ্ধ আৰু জৰুৰীকালীন পদক্ষেপে জীৱন ৰক্ষা আৰু পতনৰ মাজত বৃহৎ পাৰ্থক্য আনিব পাৰে ।আই এল অ’ৰ সঞ্চালক প্ৰধান গাই ৰাইডাৰে এইদৰে কয় ।
বিশ্বজুৰি বিশেষকৈ ঠন ধৰি উঠিবলৈ ধৰা অৰ্থনীতিৰ দেশসমূহত দুশ কোটি মানুহে অসংগঠিত খণ্ডত কৰ্মৰত হৈ আছে ৷প্ৰতিবেদন অনুসৰি এইসকলৰ জীৱনলৈ অধিক বিপৰ্যয় নামি অহাৰ আশংকা আছে ৷ইতিমধ্যে ক’ভিড ১৯ ৰ সংকটে বহু কোটি এনে শ্ৰমিকক ক্ষতিগ্ৰস্ত কৰিছে ৷”তলাবন্ধৰ ফলত ভাৰত,নাইজেৰিয়া আৰু ব্ৰাজিলৰ অসংগঠিত খণ্ডৰ শ্ৰমিকসকল ক্ষতিৰ সন্মুখীন হৈছে ৷” এইদৰে প্ৰতিবেদনত উল্লেখ কৰা হৈছে । প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতৰ দৰে দেশত প্ৰায় ৯০ শতাংশই শ্ৰমিকে অসংগঠিত অৰ্থনৈতিক খণ্ডত কৰ্মৰত শ্ৰমিকসকল এই সংকটকালত দৰিদ্ৰতাৰ ভয়াৱহ কবলত পৰাৰ সম্ভাৱনা আছে।
বৰ্তমান ভাৰতত দিয়া তলাবন্ধৰ কাৰণে এই শ্ৰমিকসকলৰ জীৱনত গুৰুতৰভাৱে আঘাত কৰিছে ৷ বহুতেই কাম বন বাদ দি গ্ৰামাঞ্চললৈ উভতিছে ৷এইদৰে প্ৰায় ৪০ কোটি শ্ৰমিকৰ জীৱন ভয়াৱহৰূপে আঘাতপ্ৰাপ্ত হ’ব বুলি শংকা প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘৰ সংস্থাটোৱে। ইপিনে বিভিন্ন শ্ৰেণীৰ আয়সম্পন্ন গোটসমূহৰ ক্ষেত্ৰতো ভয়াৱহ ক্ষতি হ’ব বুলি প্ৰতিবেদন কোৱা হৈছে ৷ উচ্চ মধ্যবিত্ত আয় সম্পন্ন দেশসমূহত বিশেষকৈ কৰ্মসংস্থাপনহীনতাৰ সৃষ্টি হ’ব। সংখ্যা হিচাপত সেয়া হ’ব সাত শতাংশ অৰ্থাৎ ১০ কোটি৷ আই এল অ’ৰ সঞ্চালক প্ৰধানজনে কয় যে ভৱিষ্যত পন্থা কিদৰে গ্ৰহণ কৰা হ’ব তাৰ ওপৰতে নিৰ্ভৰ কৰিব এই বিশ্বজোৰা কৰ্মসংস্থাপনহীনতাৰ সংকট ৷ সম্প্ৰতি প্ৰতি পাঁচজনৰ ভিতৰত কমেও চাৰিজন সমগ্ৰ বিশ্বতে ক্ষতিৰ সন্মুখীন হৈছে ৷ আগন্তুক দিনত এয়া বৃদ্ধি পাব ৷ প্ৰতিবেদনত কোৱা হৈছে যে সৰ্বাধিক শোচনীয় অৱস্থাৰ সন্মুখীন হ’ব পৰা খণ্ডৰ স’তে জৰিত আছে ১২৫ কোটি লোক। এইসকলে চাকৰি হেৰুৱাব পাৰে অথবা তেওঁলোকৰ মজুৰি হ্ৰাস পাব পাৰে ৷ এই ক্ষেত্ৰত উল্লেখযোগ্য দেশ হৈছে আমেৰিকা আৰু আফ্ৰিকা ৷ সেয়েহে বৃহৎ পৰিসৰৰ সংহত নীতিৰ প্ৰয়োজন আছে বুলি বিশ্ব সংস্থাটোৱে কয় ।