ক’ৰনা ভাইৰাছৰ প্ৰভাৱত  এছিয়াত এসপ্তাহত চাউলৰ মূল্য বৃদ্ধি ১২ শতাংশ 

RICE

কৰ’না ভাইৰাছৰ ব্যাপক সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ লগতে এছিয়াৰ বজাৰত বিভিন্ন খাদ্য সামগ্ৰীৰ মূল্য ঊৰ্ধ মুখী হ’বলৈ ধৰিছে । তাৰে ভিতৰত চাউল আৰু ঘেঁহুৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে । এছিয়াৰ বজাৰত চাউলৰ মূল্য বিগত বিগত সাত বছৰৰ ভিতৰত সৰ্বাধিক হৈছে । ৰাইচ এক্সপ’টাৰ্ছ এছ’চিয়েচনৰ তথ্য অনুসৰি চাউলৰ মূল্য যোৱা ২৫ মাৰ্চৰ পৰা পহিলা এপ্ৰিলৰ সময়ছোৱাত ১২শতাংশলৈ বৃদ্ধি হৈছিল । চাউলৰ মূল্য হঠাৎ ঊৰ্ধমুখী হ’বলৈ ধৰাৰ অন্যতম কাৰণ হৈছে যোগান পৰ্যাপ্ত হোৱাৰ পাছতো চাউল মজুতকৰণ কৰা। ভাৰত আৰু ভিয়েটনামৰ পৰা ৰপ্তানি বন্ধ হোৱা হেতুকে থাইলেণ্ডৰ চাউলৰ চাহিদাও এছিয়াৰ বজাৰত বৃদ্ধি পাইছে ।

এছিয়াত এতিয়া ধানৰ খেতিৰ সময় আৰম্ভ হৈছে যদিও কৃষক সকলে কৃষিকার্যত ক’ৰনাৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত জড়িত হ’ব নোৱাৰাত খেতি আৰম্ভ কৰিব পৰা নাই । খৰাং অৱস্থাৰ বাবে থাইলেণ্ডটো এইবাৰ ধানৰ উৎপাদন প্ৰভাৱিত হৈছে । বিশ্বজুৰি চাউলৰ লগতে ঘেঁহুৰ মূল্যও শেহতীয়া ভাৱে বৃদ্ধি পাইছে । তলাবন্ধৰ ফলত আগন্তুক সময়ত ভাৰত তথা এছিয়াত চাউলৰ মূল্য আৰু বৃদ্ধি হোৱাৰ আশংকা আছে । বাণিজ্যিক সমীক্ষা অনুসৰি ক’ৰনা ভাইৰাছৰ সংক্ৰমণৰ ফলত বিশ্বৰ বিভিন্ন দেশত তলাবন্ধৰ সীমা যিমানেই দীঘলীয়া হ’ব সিমানে নেতিবাচকভাৱে কৃষিখণ্ড প্ৰভাৱিত হ’ব।

Exit mobile version