কৰ’না ভীতিয়ে পৰিৱৰ্তন কৰিছে মনোজগত,আচৰণ পৰিৱৰ্তন

coronavirus4m utz5jt

সমগ্ৰ মানৱ জাতি সম্প্ৰতি কৰ’না ভাইৰাছৰ ওচৰত অসহায় হৈ পৰিছে ৷ এই ভাইৰাছে এফালৰ পৰা সংক্ৰমিত কৰিছে মানৱজীৱনক ৷ লগতে কাঢ়ি নিছে জীৱন। এনে পৰিস্থিতিত কৰ’না ভাইৰাছে যিদৰে মানৱ জাতিৰ চিন্তা ভাৱনাৰ জগতখন দখল কৰিছে, এনে অৱস্থা আন যিকোনো ৰোগৰ ক্ষেত্ৰতে বিৰল। বিগত কিছু সপ্তাহ ধৰি প্ৰত্যেক সংবাদ, ৰেডিঅ’, টেলিভিচন আদিত কৰ’না ভাইৰাছ সংক্ৰান্তীয় খবৰেই ভৰি আছে । সামাজিক মাধ্যমতো নানা ধৰণৰ তথ্য, মন্তব্য পৰামৰ্শ, গুজৱ ইত্যাদি বিয়পি পৰিছে । আক্ৰান্ত আৰু মৃত লোকৰ সংখ্যা বৃদ্ধিৰ নানা খবৰৰ বাবে মানুহৰ মানসিক উদ্বেগ সৰ্ব্বোচ্চ পৰ্যায়ত উপনীত হ’ব পাৰে ৷

স্বাভাৱিকতে ইয়াৰ প্ৰভাৱ পৰিছে মানসিক স্বাস্থ্যত ৷ কিন্তু এইৰোগক কেন্দ্ৰ কৰি অব্যাহত  থকা ভীতিয়ে আমাৰ মানসিকতাতো বিৰুপ প্ৰভাৱ পেলাব পাৰে ।বিশেষজ্ঞৰ মতে এই সক্ৰামক ভাইৰাছক কেন্দ্ৰ কৰি অব্যাহত থকা ভীতিৰ কাৰণে মানুহৰ চিন্তা ধাৰালৈকো ব্যাপক পৰিৱৰ্তন আহিব পাৰে ৷ প্ৰব্ৰজন,  যৌন স্বাধীনতা আৰু সমতাক লৈও মানুহৰ ভাবনালৈ পৰিৱৰ্তন আহিব পাৰে ৷ আনকি আমাক ৰাজ নৈতিক মতাদৰ্শতো পৰিৱৰ্তন ঘটাব পাৰে কৰ’না ভাইৰাছে ৷ উল্লেখযোগ্য যে কৰ’না ভাইৰাছৰ ফলত ইয়াৰ মাজতে অহেতুক শংকা আৰু বৰ্ণ বিদ্বে লক্ষণে দেখা দিবলৈ আৰম্ভ কৰিছে ৷ কিন্তু বৈজ্ঞানিক গৱেষণা পূৰ্বাভাসসমূহ যদি সঠিক হয়, তেন্তে সামাজিক আৰু মনস্তত্ত্বৰ ক্ষেত্ৰতো বৃহৎ পৰিৱৰ্তন আহিব পাৰে ৷

বিশেষজ্ঞৰ মতে মানৱ মনস্তত্ত্বৰ অন্যান্য বিষয়সমূহৰ দৰে ৰোগব্যাধিৰ ক্ষেত্ৰতো আচৰণ বিষয়টো বুজাৰ বাবে ইতিহাসৰ ফালে চকু দিব লাগিব ৷ আধুনিক চিকিৎসা ব্যৱস্থা আৱিষ্কাৰৰ পূৰ্বে সংক্ৰামক ৰোগসমূহ আছিল মানুহে এই জগতত তিষ্ঠি থকাৰ বাবে সবাতোকৈ ডাঙৰ ভাবুকি ৷ সেই সময়ত মানুহৰ শৰীৰত যি প্ৰতিৰোধৰ ব্যৱস্থাই কাম কৰিছিল তাৰ ফলত মানুহে কিছু পৰিমাণে ক্লান্তি, নিদ্ৰাৰ ভাৱ, অনুভৱ কৰিছিল ৷ বহু কেইটা গৱেষণাত দেখা গৈছে যে যেতিয়া কোনো ৰোগৰ ভাবুকি দেখা যায়। তেতিয়াই মানুহে সচৰাচৰ প্ৰচলিত আইন কানুন মানি চলে ৷ ইউনিভাৰ্চিটি অৱ হংকঙৰ গৱেষণাত দেখা গৈছে যে মানুহে বৰঞ্চ আন সময়ৰ তুলনাত তেনে সময়ত বেছি নিয়ম কানুন মানি চলে৷ বহু বিশেষজ্ঞই ধাৰণা কৰে যে বহু সময়ত আমাৰ অনেক সামাজিক নিয়ম বা ঘূৰা পকাৰ ধৰণত পৰিৱৰ্তন ঘটাই সংক্ৰমণৰ আশংকা কমাই আনিব পাৰি ৷

গৱেষণাত দেখা গৈছে যে এনে ক্ষেত্ৰত নতুন মানুহৰ স’তে পৰিচয় হোৱাত মানুহে অস্বাচ্ছন্দ্যবোধ কৰে, বিশেষকৈ কোনো লোকৰ পৰা যদি সংক্ৰমিত হোৱাৰ ভীতি থাকে ৷ লেখক এৰ’য়িয়ে যিদৰে দেখা পাইছে যে সংক্ৰামক ৰোগৰ ভীতিৰ কাৰণে অভিবাদন সম্পৰ্কতো বহু লোকৰ মনোভাৱ সলনি  হৈ পৰিছে ৷ এৰ’য়িয়ে কয় মানুহৰ ভিতৰত যি আচৰণগত প্ৰতিৰোধ ব্যৱস্থা আছে ৷ তাৰ পৰাই মানুহে গণ্য কৰে যে দুঃখিত হোৱাতকৈ নিৰাপদ হোৱাটো জৰুৰী ৷ সেই কাৰণেই তেওঁলোকে এই আচৰণ কৰে ৷ ইউনিভাৰ্চিটী অৱ টৰ’ন্ট য়ুয়েল আনবানে কয় কৰ’না ভাইৰাছ মহামাৰীয়ে আমাৰ চিন্তা ভাবনাৰ জগতখনলৈ কি ধৰণৰ পৰিৱৰ্তন আনিছে তাক লৈ এতিয়াও তথ্য প্ৰমাণ নাই । কিন্তু আচৰণগত প্ৰতিৰোধ ব্যৱস্থাৰ যি থিঅ’ৰী আছে, সেয়া বিশ্লষণ কৰিলে বুজা যায় যে পৰিৱৰ্তনৰ সম্ভাৱনা আছে ৷

আনবানে লগতে কয় যে ২০১৪ চনৰ ইব’লা মহামাৰীৰ সময়ত যথেষ্ট সামাজিক পৰিৱৰ্তন ঘটিছিল ৷ মনোজগতৰ এইবোৰ পৰিৱৰ্তনে জাতীয় বা স্থানীয় নিৰ্বাচনত প্ৰভাৱ পেলাওক বা নেপেলাওঁক, কৰ’না ভাইৰাছৰ কাৰণে আমাৰ ব্যক্তিগত আচৰণত কি প্ৰভাৱ পৰিছে, বৰঞ্চ সেয়াহে অধিক গুৰুত্বপূৰ্ণ ৷ আমি বাৰু আনৰ প্ৰতি অধিক সচেতন হৈ পৰিছো নেকি, আনৰ আচৰণৰ বিচাৰ বিশ্লেষণ কৰিছো নেকি, নিয়ম কানুনৰ গুৰুত্ব কিমান উপলব্ধি কৰিব পাৰিছো? আমাৰ চিন্তা ভাবনা আৰু স্বাভাৱিক আছেনে? নে হেজাৰ বছৰৰ পূৰ্বে সংক্ৰামক ৰোগ বিয়পাব সময়ত আমাৰ পূৰ্বপুৰুষসকলে যি আচৰণ কৰিছিল, সেয়াই আমি অৱচেতনভাৱে কৰি আছো নেকি? কৰ’না ভাইৰাছৰ বাবে গৃহবন্দী হৈ থকাৰ সময়তে আমাৰ চিন্তাধাৰা,আচৰণত ব্যাপক পৰিৱৰ্তন ঘটিছে নেকি? সেই সকলোবোৰ প্ৰশ্ন এবাৰ জুকিয়াই চোৱাৰো এতিয়া সময় হৈছে বুলি বিশেষজ্ঞসকলে মতপ্ৰকাশ কৰিছে ৷

Exit mobile version