ভাৰতত কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে ১৮৪ জনে 

দেশত কৰ’না ভাইৰাছে ভয়া ৰূপ ধাৰণ কৰিছে ৷ এই পৰ্যন্ত আক্ৰান্তলোকৰ সংখ্যা ভাৰতত ৬২৩৭  জনলৈ বৃদ্ধি পাইছে আৰু মৃত্যু হৈছে ১৮৪ জনৰ ৷ লক্ষ্যণীয়ভাৱে বিগত ২৪ ঘন্টাত আক্ৰান্তৰ সংখ্যা আঠশজনলৈ বৃদ্ধি পাইছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি ইতিমধ্যে পাঁচ সহস্ৰাধিক আক্ৰান্ত হৈছে যদিও তাৰে সুস্থ হৈ উঠিছে ৫৬৯ জন ৷ ইপিনে মৃতকৰ সংখ্যাক লৈও উদ্বেগ বৃদ্ধি পাইছে ৷ কিয়নো বিগত ২৪ ঘন্টাত মৃত্যু হৈছে ৩৫ জন লোকৰ ৷ এই পৰ্যন্ত কেৱল মহাৰাষ্ট্ৰতে মৃত্যু হৈছে সৰ্বাধিক ৭২ জনৰ ৷ দ্বিতীয় স্থানত আছে মধ্য প্ৰদেশ আৰু গুজৰাট ৷ মধ্যপ্ৰদেশত ২৪ জন আৰু গুজৰাটত ১৭ জনকৈ লোকৰ মৃত্যু হৈছে ৷ দিল্লীত নজন, তামিলনাডুত ৮, তেলেংগানা ১১ আৰু পঞ্জাৱত ১০ জনকৈ লোকৰ মৃত্যু হৈছে ৷ পশ্চিমবংগত মৃতকৰ সংখ্যা পাঁচজন আৰু অন্ধ্ৰপ্ৰদেশত চাৰিজন ৷ সৰ্বাধিক ক্ষতিগ্ৰস্ত ৰাজ্য মহাৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যাই ইতিমধ্যে হেজাৰৰ সংখ্যা অতিক্ৰম কৰিছে । এয়ে প্ৰথম দেশৰ কোনো ৰাজ্যত এহেজাৰৰো অধিক লোক আক্ৰান্ত হৈছে ৷

ইয়াৰ বিপৰীতে তামিত ছয় শতাধিক, দিল্লীত পাঁচ শতাধিক, তেলেংগানা তিনি শতাধিক, কেৰালা আৰু ৰাজস্থানতো তিনি শতাধিক ৷ ইপিনে উত্তৰ প্ৰদেশত চৰকাৰে কৰ’না সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ইয়াৰ কেন্দ্ৰস্থলী বুলি চিহ্নিত হোৱা স্থানসমূহ ছীল কৰিবলৈ সিদ্ধান্ত লৈছে ৷ দেশত প্ৰথমবাৰৰ বাবে এই পদ্ধতি প্ৰয়োগ কৰিবলৈ লৈছে যোগী আদিত্যনাথ চৰকাৰে ৷ ৰাজ্যৰ ১৫ খন জিলাত বিস্তৃত হৈ থকা কৰ’নাৰ কেন্দ্ৰস্থলীসমূহ অহা ১৫ এপ্ৰিল পৰ্যন্ত ছীল কৰা হ’ব ৷ ইয়াৰ ভিতৰত আছে লক্ষ্ণৌ, গৌতম বুদ্ধৰ নগৰ, গাজিয়াবাদ, মীৰাট, আগ্ৰা, ছাহাৰানপুৰ, নয়ডা আদি । যিসমূহ স্থানত ছজন অথবা অধিক লোক আক্ৰান্ত হৈছে সেই অঞ্চলসমূহক কেন্দ্ৰস্থলী বা হটস্পট”হিচাপে চিনাক্ত কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে ৷

ইপিনে বিশ্বজুৰি কৰ’নাৰ ফলত মৃত্যুৰ সংখ্যা ৮২ হাজাৰ অতিক্ৰম কৰিছে ৷ সংক্ৰমণৰ কেন্দ্ৰস্থলী চীনৰ হুবেই প্ৰদেশৰ উহানত ৭৬ দিনৰ পাছত তলাবন্ধ প্ৰত্যাহাৰ কৰা হৈছে ৷ আমেৰিকাত কৰ’না আক্ৰান্তৰ সংখ্যা প্ৰায় চাৰি লাখ হৈছে ৷ মৃতকৰ সংখ্যা হৈছে প্ৰায় ১৩ হেজাৰ ৷ তদুপৰি ১০ হেজাৰৰো অধিক লোকে প্ৰাণ হেৰুওৱা ৰাষ্ট্ৰ কেইখন হৈছে স্পেইন, ফ্ৰান্স,আৰু ইটালী ৷ ইটালীত মৃত্যুৰ সংখ্যা ১৭ হেজাৰৰো অধিক, স্পেইনত ১৪ হেজাৰৰো অধিক ৷

Exit mobile version