মুক্তি লাভ কৰিও কাৰাগাৰতে থাকিব বিচাৰে বন্দীয়ে 

turme 19092

বৰ্ধমান কাৰাগাৰত বন্দী হৈ থকা এজন কয়দী, নাম মহেন্দ্ৰ সিং। সাধাৰণতে কয়দী সকলে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ খবৰ শুনিলেই আনন্দত আত্মহাৰা হৈ উঠে কিন্তু এই ক্ষেত্ৰত মহেন্দ্ৰ সিং কিছু পৃথক । মুক্তি লাভৰ খবৰ পাইয়ে হুকহুকাই কান্দি উঠিল মহেন্দ্ৰ সিং। বৰ্তমান ক’ৰনা ভাইৰাছে ব্যাপক ৰূপ ধাৰণ কৰিছে গোটেই বিশ্বতেই । ভাৰতবৰ্ষটো ক’ৰনা সংক্ৰমণৰ ফলত হাজাৰো অধিক লোক আক্ৰান্ত হৈছে। ইয়াৰ ফলত আতংকিত হৈ অধিকাংশ বন্দীয়েই কাৰাগাৰৰ পৰা মুক্তিৰ আবেদন জনাইছিল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিতে কলকাতা উচ্চ ন্যায়ালয়ে কাৰাবন্দী সকলৰ দাবী যুক্তি সংগত বুলি বিবেচনা কৰি বন্দী সকলক কাৰাগাৰৰ পৰা সাময়িক মুক্তি মঞ্জুৰ কৰাৰ ছুপাৰিছ কৰে । কাৰাগাৰ দপ্তৰে এখন বিশেষ কমিটি গঠন কৰে । এই কমিটি খনে যিসকল বন্দীৰ শাস্তিৰ ম্যাদ সাত বছৰ বা তাতকৈ কম আৰু যিসকলৰ আচৰণ ভাল, তেওঁলোকক তিনিমাহৰ বাবে পেৰ’লত এৰি দিয়া হ’ব।

এই কমিটি খনেই পে’ৰলত মুক্তি দিয়াৰ সিদ্ধান্ত লৈছিল  বৰ্ধমান কাৰাগাৰত থকা ২৬ জন কয়দীৰ লগতে মহেন্দ্ৰ সিঙকো । কাৰাগাৰৰ পৰা মুক্তি পাব বুলি শুনিয়ে হাত জোৰ কৰি ভৰিত ধৰি কাৰাগাৰ কর্তৃপক্ষক কাৰাগাৰৰ পৰা মুক্তি নিদিবলৈ আহ্বান জনায়। কাৰাগাৰ কৰ্তৃপক্ষই মহেন্দ্ৰক কাৰাগাৰ অধীক্ষকৰ ওচৰলৈ লৈ যায় । মহেন্দ্ৰ সিঙে কাৰাগাৰ অধীক্ষক জনাই গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে তেওঁ কলকতাৰ নিমতলা ষ্ট্ৰীটত ফুটপাঠত বাস কৰিছিল। মাল পোষ্টাত বাহকৰ কাম কৰিছিল । এতিয়া কাৰাগাৰৰ পৰা ওলালে তেওঁ নিমতলাৰ যি ঠাইত বাস কৰিছিল হয়তো সেই  ঠাই টুকুৰা এতিয়া বেলেগে দখল কৰিছে । নিজৰ স্থানলৈ উভতি গলেও কাম নাপাব।

লগতে তেওঁ কয় টি. ভি ত দেখি আহিছে যিসকৰ বয়স ৬০ বছৰৰ বেছি, তেওঁলোকৰ ক’ৰনা হ’লে জীয়াই থকাৰ আশা কম । সেয়ে এই অৱস্থাত ওলাই গলে  ক’ৰনাত মৃত্যু হ’ব বুলিও আতংকিত হৈ পৰে মহেন্দ্ৰ । এক হত্যাৰ অপচেষ্টাৰ অভিযোগত কলকাতা আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। উল্লেখ্য যে যোৱা ৩এপ্ৰিলত  বৰ্ধমান কাৰাগাৰৰ ২৬ জন বন্দীয়ে ৩মাহৰ পে’ৰলত ওলাই যায় কিন্তু মহেন্দ্ৰ সিং এতিয়াও বৰ্ধমানৰ কাৰাগাৰতে আছে।

Exit mobile version