ৰাজ্যৰ খুচৰা বজাৰত জুই : এটা নেমুৰ দৰ উঠিছে ১৫ টকালৈ

IMG 20200409 WA0002

“বৰ্তমান ৰাজ্যৰ বজাৰত নিশ্চিয় জুই লাগিছে | ন’হলে নেমু এটাৰ দাম ১৫ টকা বুলি কোনে বিশ্বাস কৰিব ? ” ৰাজ্যত দ্বিতীয় বিশ্বযুদ্ধৰ সময়তো পাঁচ পইচাৰ এটা ৰবাব টেঙাৰ দৰ উঠিছিল পাঁচ টকালৈ | কথাষাৰ অবিশ্বাসী যেন লাগিলেও সত্য | কৰ’না ভাইৰাছে বিশ্বৰ মানৱ সভ্যতালৈ কঢ়িয়াই অনা মহাব্যাধি ৰোধ কৰিবলৈ দেশত অব্যাহত থকা তলাবন্ধৰ সময়ত ৰাজ্যত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে কে’তবোৰ খাদ্য সামগ্ৰীৰ দাম | যিটো অবিশ্বাস্য যেন লাগিলেও প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ মাজতে এই মূল্যবৃদ্ধি এতিয়া চৰ্চিত বিষয় হৈ পৰিছে |

 সাম্প্ৰতিক সময়ত ৰাজ্যখনৰ বিভিন্ন জিলাত এটা নেমুৰ ১০ পৰা ১৫ টকালৈ দৰ উঠিছে | ৰাজধানী মহানগৰীতে ক্ৰেতাই ১৫ টকাৰ দৰত নেমু ক্ৰয় কৰিছে | উল্লেখ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়তো ৰাজ্যত টেঙাৰ দাম বৃদ্ধি হোৱাৰ কথা ঔপন্যাসিক যোগেশ দাসে তেওঁৰ  ‘ডাৱৰ আৰু নাই ‘ শীৰ্ষক উপন্যাসত উল্লেখ কৰিছিল | যিটো সেই সময়তো জনতাই বিশ্বাস কৰিব পৰা নাছিল | চাহবাগিচাত কৰ্মৰত এজন কৰ্মচাৰী আৰু তেওঁ ৰান্ধীনৰ  কথোপকথন আগবঢ়াই উপন্যাসত তেওঁ এইদৰে লিখিছে, ‘পৃথিৱীৰ নিশ্চয় জুই লাগিছে | নহ’লে ৰবাব টেঙা এটাৰ দাম পাঁচ টকা বুলি কোনে বিশ্বাস কৰিব? ‘ খেৰজান চাহ বাগিচাৰ বৰকেৰাণী শইকীয়াই নিজ গৃহৰ ৰান্ধনিৰ আগত এই কথা কোৱাৰ পাছতে অবাক হৈ পুত্ৰ বাখৰক কয় | বখৰে উত্তৰত কয়, ‘দুনীয়াত জুই লাগিছে | মানুহৰ দাম সস্তা হৈছে ,বস্তুৰ দাম বাঢ়িছে | মোক বেচিলেও পাঁচ পইচা নেপাৱ |’ সেই সময়ত এটা ৰবাব টেঙাৰ প্ৰকৃত দাম আছিল পাঁচ পইচা |

বৰ্তমান সময়তো এটা নেমুৰ দাম ১৫ টকা বুলি কোনটো পৰিয়াল অৱাক নহ’ব | উল্লেখ্য যে কেইদিনমান আগলৈকে ৰাজ্যত নেমুটেঙাৰ দৰ আছিল তিনিৰ পৰা পাঁচ টকা | দ্বিতীয় বিশ্বযুদ্ধক কেন্দ্ৰ কৰি ডুমডুমাত গঢ়ি উঠা সামৰিক বিমান ঘাটিৰ ১৯৪৪-৪৫ৰ কথা সাহিত্যিক যোগেশ দাসে বৰ্ণনা কৰি অবিভক্ত লখিমপুৰ জিলাত মূল বজাৰ হিচাপে সেই সময়ত ডুমডুমাত গঢ় লৈ উঠা এখন বিশাল সাপ্তাহিক  বজাৰৰ প্ৰতিচ্ছবি তুলি ধৰিছিল উপন্যাসখনৰ জৰিয়তে | “এজনী পোহাৰী বুঢ়ীয়ে হেনো দেওবৰীয়া  হাটত বৰটেঙা আৰু ৰবাব টেঙা  বেচিছিল | হটঙা বগা চিপাহী এটা আহি ডাঙৰ চাই ৰবাব টেঙা এটা তুলি লৈ সুধিলে, ‘হাউ মাচ্’?  বিবুধি হৈ বপুৰী বুঢ়ীয়ে দুহাতৰ দহোটি আঙুলি দেখুৱাই ক’লে, ‘দেউ চাহাব দহ পইচা |’ চিপাহীয়ে ক’লে, ‘ নেই ফাঁচ |’ বচ পাঁচটকীয়া নোট এখন পেলাই থৈ তেওঁ প্ৰস্থান কৰিলে |” উল্লেখ্য যে বৰ্তমান বহু লোকে মহানগৰীৰ বিভিন্ন অঞ্চলত নেমু টেঙা বিচাৰি হাবাথুৰি খাইছে ঠিক তেনেদৰে সেই সময়তো ৰবাব টেঙা বিচাৰি ডুমডুমা বজাৰত ভিৰ কৰিছিল তদানীন্তন বাৰ্মাকে ধৰি বিভিন্ন দূৰ-দূৰণিৰ লোকে | কিন্তু সেই সময় আৰু আজিৰ সময়ৰ মাজত ব্যাপক ব্যৱধান আছে | আজিৰ কিছুসংখ্যক ক্ৰেতাই অধিক দাম দি হ’লেও ক্ৰয় কৰিবলৈ কুন্ঠাবোধ নকৰে |

ৰাজ্যত সাম্প্ৰতিক পৰিস্থিতিত খুচুৰা বজাৰত একপ্ৰকাৰৰ জুই লাগিছে | ৰাজ্যখনৰ ভিন্ন অঞ্চলত বিক্ৰেতাই ভিন্ন দৰত খাদ্য সামগ্ৰী বিক্ৰী কৰি আহিছে | নিজৰ ইচ্ছানুসাৰে কৰা এই মূল্যবৃদ্ধি ৰোধৰ বাবে ৰাজ্য চৰকাৰে কিছু সামগ্ৰীৰ দৰ বান্ধি দিছে যদিও গ্ৰাহক আৰু পৰিস্থিতিৰ প্ৰত্যক্ষ কৰি একাংশ বিক্ৰেতাই অধিক মূল্য লোৱাৰ অভিযোগ আছে | মহনগৰীৰ কে’বাটাও স্থানত মঙ্গলবাৰ পৰ্যন্ত খুচুৰা বজাৰত এটা নেমুৰ দাম আছিল ১০ টকা | ৰঙালাও গোটে ৮০ পৰা ১০০ টকা | অনান্য সামগ্ৰীৰ মূল্য আছিল ঠাই বিশেষে ভিন্ন | বৰ্তমান সময়ত মহানগৰীত দুৰ্লভ সামগ্ৰীলৈ ৰূপান্তৰিত হৈছে নেমুটেঙা | চৰকাৰে নিৰ্ধাৰিত কৰা বজাৰসমূহত মূল্য সঠিক আছে যদিও বিভিন্ন থলুৱা খুচুৰা বজাৰত নেমুটেঙাৰ অভাৱ নাইবা নাটনিৰ ফলত ক্ৰেতাই গোটে ১৫ টকাৰ দৰত ক্ৰয় কৰিবলৈ বাধ্য হৈছে | ৰাজ্যত কে’বাখনো জিলাৰ বজাৰত নেমুটেঙা জোৰাত ১৫ টকাকৈ বিক্ৰী হৈ আছে | নেমু নহ’লে ভাতমুঠি পেটলৈ নোযোৱা বহু গ্ৰাহকে গোটে ১৫ টকা দি হ’লেও নেমুটেঙা ক্ৰয় অব্যাহত ৰাখিছে |

Exit mobile version