কৰ’নাত আক্ৰান্ত হৈ ভাৰতত প্ৰথমবাৰৰ বাবে মৃত্যুবৰণ কৰিলে এজন চিকিৎসকে । ৬২ বছৰীয়া চিকিৎসক ডাঃ শত্ৰুঘ্ন পঞ্জাৱানী কৰ’নাত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য পৰীক্ষাত ধৰা পৰে। তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে। দেশত এজনৰ পাছত আনজন স্বাস্থ্যকৰ্মী আক্ৰান্ত হৈ আছে আৰু ইয়াৰ মাজতে কৰ’নাত আক্ৰান্ত হৈ চিকিৎসকৰ মৃত্যুৰ বাতৰিয়ে দুশ্চিন্তা বৃদ্ধি কৰিলে। ডাঃ পঞ্জাৱনীয়ে ইন্দোৰত দুটা চেম্বাৰত ৰোগীৰ চোৱাচিতা কৰিছিল। এসপ্তাহ পূৰ্বে এজন কৰ’নাত আক্ৰান্ত লোক চিকিৎসকজনৰ ওচৰলৈ আহিছিল আৰু তাৰ পিছতে তেঁও অসুস্থ হৈ হাস্পতালত চিকিৎসাধীন হয়। পৰৱৰ্তী পৰ্যায়ত তথ্য উদ্ধাৰ হয় যে তেওঁ কৰ’নাত আক্ৰান্ত হৈছিল। খুব কম সময়ৰ ভিতৰতে তেওঁৰ মৃত্যু হয়। ইন্দোৰৰ মহাত্মা গান্ধী মেডিকেল কলেজৰ ৰাহুল ৰোকৰেই কয় যে কিছুদিন পূৰ্বে অসুস্থ হৈ পৰা চিকিৎসকজনৰ শাৰিৰীক অৱস্থাৰ ক্ৰমাৎ অৱনতি ঘটে।
কৰ’নাত আক্ৰান্ত হৈ প্ৰথমজন চিকিৎসকৰ মৃত্যু ভাৰতত
-
By publisher

ADVERTISEMENT
- Categories: COVID-19, News
- Tags: Covid-19Dr Shatrughan PanjwaniFIGHT AGAINST COVID-19INDIA FIGHTS CORONASTAY HOME STAY SAFE
Related Content
বঙাইগাঁও কংগ্ৰেছৰ বৃহৎ খহনীয়া
By
publisher
May 15, 2025
'কাকুতি-মিনতিৰো লাভ নাই 'সিন্ধু জলচুক্তি বাতিলৰ সিদ্ধান্তত অটল ভাৰত , জনালে জয়শংকৰে
By
publisher
May 15, 2025
Aaranyak Award:উত্তৰ পূৱত এছিয়ান হাতীৰ সংৰক্ষণৰ বাবে কৰা কামৰ স্বীকৃতি
By
publisher
May 15, 2025
Beltala Bazar Incident:মহানগৰীৰ বেলতলা বজাৰত অঘটন
By
publisher
May 15, 2025
Kaliabhumura Accident:কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰেইলৰ
By
publisher
May 15, 2025