জন্তুৰ দেহত কৰ’নাৰ সংক্ৰমণ

IMG 20200410 WA0016

নিউয়ৰ্কৰ এখন চিৰিয়াখানাত বাঘৰ দেহত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ লগতে বেলজিয়ামত কুকুৰৰ দেহত কৰ’নাৰ সংক্ৰমণ হোৱাৰ পাছতে NTCA অৰ্থাৎ ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকাৰীয়ে দেশৰ ভিন্ন ব্যাঘ্ৰ প্ৰকল্প তথা ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰিছে কেতবোৰ নিৰ্দেশনা ৷ সেই অনুসৰি বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই সতৰ্কতাৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে কে’তবোৰ ব্যৱস্থা ৷ ৰাষ্ট্ৰীয় উদ্যানখনত বাঘৰ বিচৰণৰ ক্ষেত্ৰত বিশেষ নজৰ ৰাখিবলৈ  উদ্যানখনৰ বিভিন্ন শিৱিৰত পহৰাত থকা বনৰক্ষীসকলক নিৰ্দেশ দিয়া হৈছে ৷

আনহাতে বাঘৰ উপৰি আন জন্তুৰ অস্বাভাৱিক আচৰণ দেখিলে লগে লগে উদ্যান কতৃপক্ষক অৱগত কৰিবলৈ কোৱা হৈছে ৷ ইফালে উদ্যানখনৰ বিশেষকৈ বাঁহবাৰী ৰেঞ্জৰ বাউণ্ডেৰীত থকা বিদ্যুৎ পৰিবাহী ফেন্সিংবোৰ তন্ন তন্নকৈ কৰা হৈছে নিৰীক্ষণ, কোনো কাৰণতে যাতে দাঁতিকাষৰীয়া লোকৰ গৰু-ছাগলী ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে সেই ক্ষেত্ৰতো গ্ৰহণ কৰা হৈছে বিশেষ সতৰ্কতা ৷ আনহাতে লকডাউনৰ পূৰ্বে ছুটীত যোৱা কোনো বনকৰ্মীকে এই সময়ছোৱাত উদ্যানখনৰ ভিতৰত পুনৰ প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই বুলি জনাইছে বাঁহবাৰীৰ ৰেঞ্জাৰ বাবুল ব্ৰহ্মই ৷ দাঁতিকাষৰীয়া গাঁওসমূহৰ লোকসকলকো এইক্ষেত্ৰত সতৰ্ক হ’বলৈ কোৱা হৈছে৷ মুঠতে পূৰ্বতকৈ অধিক তৎপৰতাৰে নিজ নিজ কৰ্তব্যত নিয়োজিত হৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ সুৰক্ষাত জড়িত প্ৰতিজনে  ৷

Exit mobile version