পোকৰ কবলত ডবকাত বিঘা বিঘা বড়ো ধানৰ খেতি  

fast fact rice 1

কৰ’নাৰ আতংকত ত্ৰস্তমান  জনতা | দেশজুৰি অব্যাহত থকা তলাবন্ধত স্তব্ধ জনজীৱন | এক হাঁহাকাৰ পৰিস্থিতি | তাৰ ফলত খেতিপথাৰতে নষ্ট হৈছে শস্য | তাৰ মাজতেই  হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰ অন্তৰ্গত পাছখনতকৈ অধিক ৰাজহ গাঁৱৰ কৃষকৰ মাজত এতিয়া এক হাঁহাকাৰ  পৰিস্থিতি সৃষ্টি হৈছে ৷ গাওঁ কেইখনত থকা প্ৰায় এহেজাৰ বিঘা বড়ো খেতিৰ  গেৰ ওলোৱা ধানত আক্ৰমণ কৰিছে মজা খোৱা পোকে | ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত ভেদৌআটি, বগৰী,জংঘল ব্লক, পাটিদয়া, চাংমাজি, নিজপাৰখোৱা, পশ্চিম জাৰণী, চন্দানপুৰ আদি গাঁৱত এহেজাৰ বিঘা মাটিত কৰা বড়ো ধানৰ খেতিত এতিয়া মজা খোৱা পোকৰ কবলত ৷ লহপহকৈ বাঢ়ি অহা ধানৰ গোছাসমূহত পোকে খোৱাৰ ফলত বৰ্তমান গেলিবলৈ আৰম্ভ কৰিছে ৷

তাৰোপৰি ধানৰ পাত সমূহতো “বেক্টেৰিয়েল লিফ ব্লাইট” নামৰ আন এবিধ  ৰোগৰ আক্ৰমনৰ বলি হৈছে ৷ লকডাউনৰ সময়ত  কৃষকেসকলে বজাৰলৈ আহি কীটনাশক ঔষধৰ লগতে খেতি পথাৰত প্ৰয়োজন হোৱা যাৱতীয় সাৰ কিনিব নোৱাৰা ফলত পথাৰতে নষ্ট হৈছে খেতি ৷ নিজৰ মূৰৰ ঘাম মাটিত পেলাই  খেতি কৰা মাটিডৰা চকুৰ সন্মুখতে নষ্ট হোৱাত  কৃষক সকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ লক ডাউন হয়তো দুদিন পাছত খুলিব, কৰু’ণা ভাইৰাছৰ প্ৰকোপ হয়তো কমি যাব তাৰ পাছত কিন্তু এক দুৰ্ভিক্ষই দেখা দিব বুলি আকাংশা কৰা হৈছে  ৷ এনে এক পৰিস্থিতিৰ সময়ত মোকাবিলা কৰিবলৈ  কৃষক সকলে পদক্ষেপ গ্ৰহণৰ আহ্বান জনাইছে কৃষি বিভাগক | ৰাইজৰ এনে এক ভয়ংকৰ বিপদৰ সময়তে কৃষি বিভাগৰ কোনো লোকে খবৰ নোলোৱাৰো আন এক অভিযোগ উত্থাপিত হৈছে ৷ কৃষিজীৱী ৰাইজৰ এনে  বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়াবলৈ জিলা প্ৰশাসনৰ লগতে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে কৃষকসকলে৷

 

Exit mobile version