বৰ্তমান ক’ৰনা ভাইৰাছ সমগ্ৰ বিশ্বতে সংক্ৰমিত হৈছে । চিকিৎসক সকলে নিজক সংকটত পেলাই সমাজৰ হকে সেৱা আগবঢ়াই আহিছে । কৰ’না আক্রান্ত ৰোগীৰ চিকিৎসা আগবঢ়াই কেইবাজনো চিকিৎসক-নাৰ্ছ ইতিমধ্যে কৰ’নাত আক্ৰান্তও হৈছে । মধ্যপ্ৰদেশৰ এজন চিকিৎসকে নিজৰ পৰিয়ালৰ সদস্যক ক’ৰনা ভাইৰাছৰ সাম্ভাৱ্য সংক্ৰমণৰ পৰা সুৰক্ষিত ৰাখিবলৈ নিজৰ গাড়ী খনকে বাসগৃহ হিচাপে ব্যৱহাৰ কৰিছে । ভূপালৰ ডাঃ শচীন নায়াকে জে পি হাস্পতালত ক’ৰনা ৰোগীৰ চিকিৎসা সেৱা আগবঢ়াই আহিছে । চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি যোৱাৰ পৰিৱৰ্তে সম্প্ৰতি নিজৰ গাড়ীতে দিনটোৰ বাকী খিনি সময় অতিবাহিত কৰাৰ ব্যৱস্থা কৰি লৈছে । ডাঃ নায়াকে কয় যে ক’ৰনা ৰোগীক সেৱা আগবঢ়োৱাৰ পাছত চিকিৎসক সকলে নিজকে পৰিয়াল তথা সমাজৰ পৰা নিজকে আঁতৰাই ৰখাটো জৰুৰী । ডাঃ নায়াকৰ এই পদক্ষেপক মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ও প্ৰশংসা কৰিছে ।
পৰিয়ালক সুৰক্ষিত ৰাখিবলৈ চিকিৎসকে বাস কৰিছে গাড়ীত
-
By publisher

- Categories: COVID-19, News
- Tags: BHOPALCORONAVIRUSCovid-19Dr. Sachin NayakFIGHT AGAINST COVID-19INDIA FIGHTS CORONAMADHYA PRADESHSTAY HOME STAY SAFEWORLD FIGHTS CORONA
Related Content
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026
Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড
By
publisher
April 28, 2026