পৰিয়ালক সুৰক্ষিত ৰাখিবলৈ চিকিৎসকে বাস কৰিছে গাড়ীত

901327 dr sachin nayak

বৰ্তমান ক’ৰনা ভাইৰাছ সমগ্ৰ বিশ্বতে সংক্ৰমিত হৈছে । চিকিৎসক সকলে নিজক সংকটত পেলাই সমাজৰ হকে সেৱা আগবঢ়াই আহিছে । কৰ’না আক্রান্ত ৰোগীৰ চিকিৎসা আগবঢ়াই কেইবাজনো চিকিৎসক-নাৰ্ছ ইতিমধ্যে কৰ’নাত আক্ৰান্তও হৈছে । মধ্যপ্ৰদেশৰ এজন চিকিৎসকে নিজৰ পৰিয়ালৰ সদস্যক ক’ৰনা ভাইৰাছৰ সাম্ভাৱ্য সংক্ৰমণৰ পৰা সুৰক্ষিত ৰাখিবলৈ নিজৰ গাড়ী খনকে বাসগৃহ হিচাপে ব্যৱহাৰ কৰিছে । ভূপালৰ ডাঃ শচীন নায়াকে  জে পি হাস্পতালত ক’ৰনা ৰোগীৰ চিকিৎসা সেৱা আগবঢ়াই আহিছে । চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি যোৱাৰ পৰিৱৰ্তে সম্প্ৰতি নিজৰ গাড়ীতে দিনটোৰ বাকী খিনি সময় অতিবাহিত কৰাৰ ব্যৱস্থা কৰি লৈছে । ডাঃ নায়াকে কয় যে ক’ৰনা ৰোগীক সেৱা আগবঢ়োৱাৰ পাছত চিকিৎসক সকলে নিজকে পৰিয়াল তথা সমাজৰ পৰা নিজকে আঁতৰাই ৰখাটো জৰুৰী । ডাঃ নায়াকৰ এই পদক্ষেপক মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ও প্ৰশংসা কৰিছে ।

Exit mobile version