বিভিন্ন নিষেধাজ্ঞাৰ মাজতে দেশত আক্রান্ত ৬,৯১৪ আৰু মৃত্যু ২৩০ জনৰ

দেশত কৰ’না আক্ৰান্তৰ সংখ্যা ঊৰ্দ্ধমুখী গ্ৰাফডাল অলপো ক্ষান্ত হোৱা নাই। বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। সম্প্ৰতি ভাৰতত মুঠ আক্ৰান্তৰ সংখ্যা ৬,৯১৪ জন। তদুপৰি এই পৰ্যন্ত মৃত্যু হৈছে ২৩০ জনৰ। তথ্য অনুসৰি আক্ৰান্তসকলৰ ভিতৰত ৭১ জন বিদেশী লোক। দেশৰ ভিতৰত গুৰুতৰভাৱে আক্ৰান্ত ৰাজ্য হৈছে মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰত প্ৰায় ১৫শ জন লোক লোক ক’ভিড-১৯ ৰ দ্বাৰা সংক্ৰমিত হৈছে আৰু ৯৮ জন লোকৰ এই পৰ্যন্ত মৃত্যু হৈছে। মহাৰাষ্ট্ৰৰ কৰ্তৃপক্ষই বজাৰত সকলো ধৰণৰ ফলমূল আৰু পাচলি বিক্ৰী নিষেধ কৰিবলৈ সিদ্ধান্ত লৈছে। মুম্বাইৰ ধাৰাবী অঞ্চলৰ আশে পাশে এই সিদ্ধান্ত বলৱৎ কৰা হ’ব। মহাৰাষ্ট্ৰৰ পিছতে তামিলনাডু আৰু দিল্লীত বৃহৎ সংখ্যক লোক সংক্ৰমিত হৈছে। দিল্লী, গুজৰাট, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, পঞ্জাৱ, কৰ্ণাটক, পশ্চিমবঙ্গ, জম্মু-কাশ্মীৰ, উত্তৰ প্ৰদেশ, কেৰালা, ৰাজস্থান, হাৰিয়ানা আৰু তামিলনাডু আদি ৰাজ্যত একাধিকৰ মৃত্যু হৈছে।

ইপিনে, দেশৰ এই পৰিস্থিতিত ওড়িচা চৰকাৰে অহা ৩০ এপ্ৰিললৈকে তলাবন্ধৰ ম্যাদ বৃদ্ধি কৰে। মুখ্যমন্ত্ৰী নবীন পাটনায়কে ৩০ এপ্ৰিল পর্যন্ত ৰেল আৰু বিমান সেৱা বন্ধ নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনায়। ওড়িচাত অহা ১৭ জুন পর্যন্ত শিক্ষানুষ্ঠান বন্ধ হৈ থাকিব। সামাজিক দূৰত্ব বজাই ৰাখি কৃষি খণ্ড, পশুপালন, এনেৰেগাৰ সতে জড়িত কাৰ্যকলাপত লগতে পূৰ্বৰ দৰে মালবাহ বাহনৰ চলাচল অব্যাহত থাকিব। ওড়িচাত কমেও ৪৮ জন কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে আৰু ইয়াৰে দুজনে প্ৰাণ হেৰুৱাইছে। ৰাজ্যখনত ঘৰৰ বাহিৰলৈ গ’লে মাস্কপৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে। ঠিক একেদৰে দিল্লী, মুম্বাই, চণ্ডীগড় আৰু নাগালেণ্ডত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে।

Exit mobile version