মানৱক সংক্ৰমিত কৰা সাত ক’ৰনা ভাইৰাছৰ চাৰিটা হ’ল ঋতুভিত্তিক

1 image Coronavirus MERS CoV

বিজ্ঞানী সকলৰ গৱেষণা মূলক অধ্যয়নৰ তথ্য অনুসৰি মানৱ দেহক সংক্ৰমিত কৰা সাত ধৰণৰ ক’ৰনা ভাইৰাছৰ সন্ধান স্বাস্থ্য বিজ্ঞানী সকলে লাভ কৰিছে । আমেৰিকাৰ মিচিগান বিশ্ববিদ্যালয়ৰ  অধ্যাপকে প্ৰকাশ কৰা তথ্য অনুসৰি, এই সাত বিধ ক’ৰনা ভাইৰাছৰ চাৰিবিধ হৈছে  ঋতু ভিত্তিক ভাইৰাছ আৰু এনে ভাইৰাছৰ সংক্ৰমণ ৰ লক্ষণ সাধাৰণ ইনফ্লুয়েঞ্জাৰ  সৈতে একে । ঋতু ভিত্তিক সংক্ৰমনে দেখা দিয়া এই চাৰিবিধ ক’ৰনা ভাইৰাছ হৈছে অ’ চি ৪৩,২২৯ ই , এইচ কে ইউ-১ আৰু এন এল ৬৩  এই চাৰিবিধ ঋতুভিত্তিক সংক্ৰমিত হোৱা ভাইৰাছত আক্ৰান্ত হ’লে ইয়াৰ লক্ষণ বিশেষ গভীৰ নহয় । আনহাতে, মাৰাত্মক ৰূপ ধাৰণ কৰিব পৰা আন তিনিবিধ ভয়াবহ ভাইৰাছ হৈছে ছাৰ্ছ,মেৰ্ছ আৰু নতুনকৈ ধৰা পৰা ক’ভিড-১৯। ক’ৰনা ভাইৰাছৰ সৰ্বাধিক সংক্ৰমণ ডিচেম্বৰৰ পৰা মে’ৰ সময় চোৱাত হয়।

গৱেষক সকলে গৱেষণা কৰা তথ্য অনুসৰি, বিশ্বজুৰি সাধাৰণতে জানুৱাৰী-ফেব্ৰুৱাৰীত এই ভাইৰাছৰ অধিক সংক্ৰমণ প্ৰত্যক্ষ হৈ আহিছে । শেহতীয়া গৱেষণামূলক তথ্য অনুসৰি, জন্তুৰ পৰা মানৱ দেহলৈ সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ সবাতোকৈ প্ৰাণঘাটক । ২০০২ত ছাৰ্ছ আৰু ২০১২ ত মেৰ্ছ ক’ৰনা ভাইৰাছে বিশ্বজুৰি আতংকৰ সৃষ্টি কৰিছিল । সেইদৰে শেহতীয়া ভাৱে ক’ভিড-১৯ ক’ৰনা ভাইৰাছৰ সংক্ৰমনে বিশ্বজুৰি আতংক অব্যাহত ৰাখিছে । আনহাতে, যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সবল, তেনে ব্যক্তিৰ তেনে ব্যক্তিৰ ক্ষেত্ৰত ক’ৰনা ভাইৰাছৰ সংক্ৰমণ মুক্ত হোৱাৰ সম্ভাৱনা সৰ্বাধিক হয় বুলি মিচিগান বিশ্ববিদ্যালয়ৰ গৱেষকে নিশ্চিত কৰিছে।

 

Exit mobile version