হেপী বাৰ্থ ডে জয়া বচ্চন

Amitabh Bachchan Jaya Bachchan to be reunited
কালি পাৰ হৈ গ’ল বলীউডৰ চিৰসেউজ অভিনেত্ৰী জয়া বচ্চনৰ ৭২ সংখ্যক ওপজা দিন ৷ কিন্তু দেশত কৰ’না ভাইৰাছৰ বাবে দিয়া তলাবন্ধৰ কাৰণে ঘটনাক্ৰমে নিজৰ বিশেষ দিনটোত পৰিয়ালৰ পৰা আঁতৰত আছে জয়া বচ্চন ৷ কালি বলীউডৰ বিগ বি তথা জয়া বচ্চনৰ স্বামী অমিতাভ বচ্চনে পত্নীক উদ্দেশ্য কৰি লিখিছে এক বিশেষ শুভেচ্ছাবাৰ্তা ৷ বিগ বি অমিতাভ বচ্চনে নিজৰ ব্যক্তিগত ব্ল’গত এই বিশেষ দিনটোত জয়া বচ্চনৰ অনুপস্থিত নথকাৰ কাৰণ আৰু নিজৰ অনুভৱৰ বিষয়ে ব্যক্ত কৰে।

ইফালে এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী জয়া বচ্চন বিগত সময়ত এগৰাকী ৰাজনৈতিক নেত্ৰী হিচাপে দেশবাসীৰ মাজত পৰিচিত হৈ পৰে ৷ দিল্লীৰ সংসদৰ অধিবেশনলৈ আহোতেই কৰ’নাৰ প্ৰতিৰোধ কাৰণে চৰকাৰে দিয়া তলাবন্ধত জয়া বচ্চনো আৱদ্ধ হৈ পৰে ৷ অৱশ্যে অনুৰাগী সকলৰ কাৰণে বিগ বিয়ে সম্প্ৰতি জয়া বচ্চন কুশলে আছে বুলিও নিজৰ ব্ল’গত উল্লেখ কৰে অমিতাভ বচ্চনে  ৷ লগতে অমিতাভ বচ্চনে জয়া বচ্চনক ওপজা দিনৰ শুভকামনা জনোৱা অনুৰাগীসকলক টুইটাৰ আৰু ব্ল’গ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰে ৷ ইফালে জয়া বচ্চনক সমগ্ৰ বলীউডৰ লগতে অনুৰাগীসকলে টুইটাৰ যোগে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে ৷

Exit mobile version