ৰাজ্যত প্ৰথমজন কৰ’নাত আক্ৰান্ত ৰোগীৰ মৃত্যু 

IMG 20200410 WA0058

বিশ্বজুৰি ত্ৰাস সৃষ্টিকাৰী ক’ভিড-১৯ ভাইৰাছত আক্ৰান্ত হোৱা অসমৰ ২৯ জন ৰোগীৰ  ভিতৰত প্ৰথমজন ৰোগীৰ মৃত্যু হৈছে। শুক্ৰবাৰে পুৱতি নিশা  শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত মৃত্যু হৈছে হাইলাকান্দিৰ ফাইজুল হক বৰভূঞা নামৰ কৰ’নাত আক্ৰান্ত ৬৫ বছৰীয়া লোকজনৰ । শুক্ৰবাৰে এক সংবাদমেল যোগে এই কথা প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

 বৃহস্পতিবাৰে  সংকটজনক অৱস্থাত  শিলচৰৰ চিকিৎসা মহাবিদ্যালয়ৰ  আই চি ইউত ৰোগীজনক ভৰ্তি কৰোৱা হৈছিল বুলি মন্ত্ৰীজনে উল্লেখ কৰিছে । উল্লেখ্য যে কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকজনৰ নশ্বৰ দেহ শুক্ৰবাৰে লৈ যোৱা হয় হাইলাকান্দিলৈ। হাইলাকান্দিৰ জিলা প্ৰশাসনৰ লগতে কে’বাজনো লোকৰ  উপস্থিতিত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয় বৰভূঞাৰ। ৰোগীজনৰ পৰিয়ালক জানাজাত অংশ লবলৈ আহ্বান জনোৱা হৈছিল যদিও  পৰিয়ালটোৰ সকলো লোক কোৱাৰেন্টাইনত থকাৰ হেতু কোৱাৰেন্টাইন কক্ষৰ পৰাই পৰিয়ালৰ লোকে তেওঁৰ নশ্বৰদেহ শেষ বাৰৰ বাবে প্ৰত্যক্ষ কৰে।

Exit mobile version