শ্ৰীৰামপুৰৰ কোৱাৰেন্টাইনৰ পৰা উভতিল ৪৩ তীৰ্থযাত্ৰী

rani
কভি’ড ১৯ ভাইৰাছত আক্ৰান্ত হৈ ৰাজ্যত এজন লোকে প্ৰাণ হেৰুৱাৰ লগতে ২৮ জনকৈ লোক এই মাৰাত্মক বীজাণুত চিকিৎসাধীন হৈ থকাৰ সময়তে কোৱাৰেন্টাইন হৈ থকা ৪৩ জনকৈ তীৰ্থযাত্ৰীক নিজ গৃহলৈ সুকলমে প্ৰেৰণ কৰে স্বাস্থ্য বিভাগে ৷উল্লেখযোগ্য যে কৰ’না সংক্ৰমণ ৰোধ কৰাৰ অৰ্থে ৰাজ্যৰ স্বাস্থ্য বিভাগে যোৱা ১৪ দিনত ৰাজ্যৰ প্ৰায় ৭৫ হেজাৰ লোকক কোৱাৰেন্টাইনত ৰাখিছিল ।
ইতিমধ্যে এই লোকসকলৰ ম্যাদ উকলি যোৱাৰ পিছত শৃংখলাবদ্ধ আৰু পৰ্যায়ক্ৰমে লোকসকলক স্বগৃহলৈ প্ৰেৰণ কৰা প্ৰক্ৰিয়া আৰম্ভ কৰিছে সংশ জিলা প্ৰশাসনে। কোৱাৰেন্টাইনৰ ম্যাদ উকলা এই লোকসকলৰ ভিতৰত কোকৰাঝাৰৰ জিলাৰ শ্ৰীৰামপুৰৰ বন বিভাগৰ অতিথিশালাত থকা ৪৩ জনকৈ তীৰ্থযাত্ৰী ৷উল্লেখযোগ্য যে ৰাজ্যৰ এই ৪৩ জনীয়া তীৰ্থযাত্ৰীৰ দলে জম্মুৰ পৰা উভতি অহাৰ সময়ত দেশত তলাবন্ধ ঘোষণা হোৱাৰ ফলত পশ্চিমবংগৰ শিলিগুৰিত আৱদ্ধ হৈ পৰিছিল ।ৰাজ্য চৰকাৰৰ তৎপৰতাত দলটো উদ্ধাৰ কৰি শ্ৰীৰামপুৰত ১৪ দিনৰ বাবে কোৱাৰেন্টাইন কৰা হৈছিল ৷
ইয়াৰ পিছত শুক্ৰবাৰে  তীৰ্থযাত্ৰীৰ দলটোক পঞ্জাৱৰ অমৃতসৰৰ পৰা কঢ়িয়াই অনা বাছৰ চালকদ্বয়ক চূড়ান্ত পৰীক্ষা কৰি নিজ ৰাজ্যলৈ প্ৰেৰণ কৰাৰ পাছত জালুকবাৰী আৰু নলবাৰীৰ এই তীৰ্থযাত্ৰীৰ দলটোক মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই আৰনাইৰে সম্ভাষণ জনাই  বিদায় দিয়ে ৷ৰাজ্যৰ ভিতৰতে প্ৰথমে কোৱাৰেন্টাইন শিবিৰৰ পৰা সুস্থ অৱস্থাত নিজ গৃহলৈ এইলোকসকলৰ পঠিয়াব পাৰি মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই তেওঁলোকৰ সমানে আনন্দিত বুলি উল্লেখ কৰি জিলা প্ৰশাসনেও এই ক্ষেত্ৰত সন্তোষ লাভ কৰা বুলি কয়।
তেওঁ কয় ” কাহানিও নেদেখা নুশুনা আৰু কল্পনা নকৰা সমস্যাৰ সন্মুখীন হৈছে বিশ্ববাসী ” ৷এই ভাইৰাছৰ মহামাৰীত এজনে আনজনৰ ওচৰ চাপিবলৈ দ্বিধাবোধ কৰিছে ৷এই ভয়,আতংকৰ মহামাৰীৰ পৰা পৰিত্ৰাণ পোৱা একমাত্ৰ পথ সজাগতা ৷উল্লেখযোগ্য যে তীৰ্থযাত্ৰীসকলৰ বিদায়ী পৰ্বত মহকুমাধিপতি অনছুমৈ বসুমতাৰী,আৰক্ষী বিষয়া বিদ্যুত বিকাশ ভূঞাই একোখনকৈ গামোচা পিন্ধাই বিদায় জনায় আৰু তীৰ্থযাত্ৰীসকলেও মহকুমা প্ৰশাসনৰ পৰিসেৱা আৰু সহমৰ্মিতাৰ শলাগ লয়।
Exit mobile version