ক’ভিড১৯ৰ হটস্পট ৰূপে চিহ্নিত গুৱাহাটীৰ আঠগাঁৱৰ কবৰস্থান মছজিদত যোৱা ১২ মাৰ্চত অনুষ্ঠিত এখন বৈঠকত উপস্থিত থকা ১০০ গৰাকী লোকৰ ভিতৰত ছিপাঝাৰৰ ৩ জনক চিনাক্ত কৰা হৈছে ৷ উল্লেখযোগ্য যে দৰং জিলাৰ মুঠ ১০ অংশগ্ৰহণকাৰীৰ মাজত চিহ্নিত হোৱা ছিপাঝাৰৰ চেঙেলীয়াঝাৰ বাঘমাৰাৰ ৰেজাউল হক চৌধুৰী, দুমুনীচকীৰ খলিল আলি আৰু গৰুখুটি ৰূপৰীকাষৰ মজীৱৰ ৰহমান নিজ নিজ গৃহত সম্পূৰ্ণৰূপে আছুতীয়াকৈ থকাৰ পিছত কালি তিনিওকে প্ৰশাসনে ছিপাঝাাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় । চৰকাৰৰ নিৰ্দেশত স্বাস্থ্য বিভাগে আঠগাঁও মছজিদৰ বিশেষ সভা খনলৈ যোৱা এই তিনিও গৰাকী ব্যক্তিক চিকিৎসালয়ত আইছ’লেছনতোম ৰাখি চিকিৎসা তথা পৰীক্ষা নিয়মীয়াকৈ অব্যাহত ৰাখিব বুলি প্ৰশাসনৰ সূত্ৰে জনাইছে ৷ উল্লেখযোগ্য যে আঠগাঁও কবৰস্থান মছজিদৰ বৈঠকত উপস্থিত থকা কেইবাজনো লোকৰ দেহত ক’ভিড ১৯ ৰ উপস্থিতি ধৰা পৰাৰ উপৰি ইয়াৰে ৩ জন আক্ৰান্ত হৈছে। আনহাতে দিল্লীৰ নিজামুদ্দিন কাণ্ডৰ পিছত আঠগাঁও কবৰস্থান মছজিদৰ এই ঘটনাই ছিপাঝাৰবাসীক অধিক আতংকিত কৰি তুলিছে ৷
আঠগাঁও মছজিদৰ বৈঠকলৈ যোৱা ছিপাঝাৰৰ তিনি জনক চিনাক্ত
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONACovid-19DELHI NIZAMUDDIN MARKAZFIGHT AGAINST COVID-19STAY HOME STAY SAFE
Related Content
Akhil Gogoi's open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ
By
publisher
April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026