আমেৰিকাত মৃতকৰ সংখ্যা লক্ষাধিক হোৱাৰ আশংকা হোৱাইট হাউচৰ

111744680 hi061003613

কৰ’না ভাইৰাছৰ ভয়াৱহ আক্ৰমণত আমেৰিকাৰ চৌদিশে এতিয়া মৃত্যুৰ আৰ্তনাদ ৷ বিগত ২৪ ঘন্টাত ২১০৮ জনে প্ৰাণ হেৰুৱাইছে ৷ এদিনত মৃত্যুৰ ক্ষেত্ৰত এয়া সৰ্বাধিক সংখ্যা ৷ বিগত চাৰিমাহত বিশ্বৰ আন কোনো আক্ৰান্ত দেশতে এদিনত এনে বৃহৎসংখ্যক লোকৰ প্ৰাণহানি হোৱা নাই । অৱশ্যে সামগ্ৰিকভাৱে মৃত্যুৰ পৰিসংখ্যাত এই পৰ্যন্ত সকলো দেশতকৈ আগুৱাই গৈছে ইটালী ৷ জন হপকিন্স ইউনিভাৰ্চিটীৰ পৰিসংখ্যা অনুযায়ী এই পৰ্যন্ত ইটালীত প্ৰায় ১৮ হেজাৰ ৮৪৯ জনৰ মৃত্যু হৈছে ৷ আমেৰিকাত মৃত্যুৰ সংখ্যা এতিয়া ১৮ হেজাৰ ৭৭৭ জন ৷ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দেশত যি হাৰত প্ৰাণ হানি হ’বলৈ ধৰিছে তালৈ চাই ইটালীক চেৰাই যাব বুলি আংশকা কৰা হৈছে ।

ADVERTISEMENT

ইয়াৰ সমান্তৰালভাৱে আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাইছে ৷ এই পৰ্যন্ত আমেৰিকাত পাঁচ লক্ষাধিক লোক আক্ৰান্ত হৈছে ৷ ইয়াৰ ভিতৰত নিউয়ৰ্কৰ পৰিস্থিতি সৰ্বাধিক সংকটজনক ৷ প্ৰায় দুই লক্ষ লোক আক্ৰান্ত হৈছি নিউয়ৰ্কত আৰু প্ৰাণ হেৰুৱাইছে প্ৰায় আঠ হেজাৰে ৷ ইয়াৰ পাছতে আছে নিউ জাৰ্ছি ৷ ইয়াত ৫৪ হেজাৰ জন আক্ৰান্তৰ ভিতৰত দুহেজাৰে প্ৰাণ হেৰুৱাইছে ৷আগন্তুক সময়ত পৰিস্থিতি অধিক ভয়াৱহ হ’ব বুলি হোৱাইট হাউছে আশংকা প্ৰকাশ কৰিছে ৷

আমেৰিকাত কৰ’নাৰ প্ৰকোপত একৰ পৰা দুই লক্ষ লোকৰ প্ৰাণহানি হ’ব পাৰে বুলি কোৱা হৈছে ৷ এই ভয়াৱহ পৰিস্থিতিত এতিয়া মৃতদেহ থ’বলৈ মৰ্গবোৰত ঠাই নোহোৱা হৈছে ৷ গৰাকীবিহীন মৃতদেহ অন্ত্যোষ্টিক্ৰিয়াৰ বাবে নিউয়ৰ্কত গণকবৰ দিবলৈ আৰম্ভ কৰা হৈছে ৷ এই সম্পৰ্কীয় ছবি অত্যাধুনিক ড্ৰ’নৰ জৰিয়তে সংগ্ৰহ কৰা হৈছে ৷ শাৰী শাৰী কফিন একেলগে কবৰস্থ কৰা দেখা গৈছে এনে ছবিত ৷ গৰাকীবিহীন মৃতদেহ দুসপ্তাহ পৰ্যন্ত মাৰ্গত ৰখা হৈছে  ৷ইয়াৰ বাবে আমেৰিকাৰ পশ্চিমৰ হাৰ্ট আইলেণ্ডক বাছি লোৱা হৈছে ৷ একমাত্ৰ জলপথেৰে ১.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ হাৰ্ট আইলেণ্ডক বাছি লোৱা হৈছে ৷ যিসকললোকৰ সৎকাৰ কৰাৰ সামৰ্থ্য নাই সেইসমূহ পৰিয়ালে ইমানদিনে এই অঞ্চলটোক সমাধি ক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে।

উল্লেখযোগ্য যে আমেৰিকাত কৰ’নাৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ ভিতৰত  আছে ভাৰতীয় মূলৰ আৰু ভাৰতীয় নাগৰিকসহ কমেও ৪০ জন লোক ৷ ক’ভিড ১৯ ৰ সংক্ৰমণ হৈছে ১৫ শৰ অধিক ভাৰতীয় ৷ মৃতসকলৰ ভিতৰত ১৭ জন কেৰালাৰ,১০ জন গুজৰাটৰ,চাৰিজন পঞ্জাৱৰ,দুজন অন্ধ্ৰপ্ৰদেশৰ আৰু এজন ওড়িছাৰ৷ এওঁলোকৰ অধিকাংশই নিউয়ৰ্ক আৰু নিউ জাৰ্ছিত বাস কৰিছিল ৷ কে’বাজনো বাস কৰিছিল পেনছিলভিনিয়াত আৰু ফ্ল’ৰিডাত ৷ নিউয়ৰ্কত বসবাস কৰা প্ৰায় এহেজাৰ ভাৰতীয় কৰ’নাত আক্ৰান্ত হৈছে আৰু নিউজাৰ্ছিত আক্ৰান্ত হৈছে চাৰিশৰো অধিক ভাৰতীয় ৷

Exit mobile version