গোসাঁইগাঁৱত কোৱাৰেণ্টাইনত থকা ২৫২ জন লোকক সুস্থ অৱস্থাত নিজ গৃহলৈ প্ৰেৰণ

coronavirus14

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ মাটিয়াজুৰিস্থিত আদিবাসী ছহিদ ভৱন আৰু ধাউলিগুৰিস্থিত চৰকাৰী অনাথ আশ্ৰমত স্থাপন কৰা কোৱাৰিন্টাইন শিবিৰৰ পৰা আজি পুৰুষ-মহিলা আৰু শিশু সহ ২৫২ গৰাকীক সুস্থ অৱস্থাত ঘৰলৈ যাবলৈ অনুমতি দিয়া হয় ৷ কোৱাৰেন্টাইনত নিৰ্দিষ্ট সময়সীমা অতিক্ৰম কৰাৰ অন্তত সকলোকে আজি গোসাঁইগাঁও মহকুমা প্ৰশাসনে বাছ যোগে নিজগৃহলৈ পঠোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে। মাটিয়াজুৰিৰ আৰু ধাউলিগুৰীৰ পৰা ১২৬ জনকৈ লোক বাছ যোগে নিজ ঠাইলৈ প্ৰেৰণ কৰে গোসাঁইগাঁও মহকুমা প্ৰশাসনে ।

উল্লেখযোগ্য যে অসমৰ বিভিন্ন প্ৰান্তৰ এইসকল বহিঃৰাজ্যত বিভিন্ন কামত নিয়োজিত আছিল । বহিঃৰাজ্যৰ পৰা বিভিন্ন বাহন যোগে অসমলৈ অহা এইসকল লোকক অসম বংগ সীমান্তত আটক কৰি উল্লেখিত দুটা স্থানত কোৱাৰেন্টাইনত ৰখাৰ ব্যৱস্থা কৰিছিল মহকুমা প্ৰশাসনে ৷ কোৱাৰেন্টাইনত থকা সকলক আজি আনুষ্ঠানিকভাৱে বিদায় দিয়ে স্থানীয় বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়ে ৷ ইপিনে মাটিয়াজুৰি ছহিদ ভৱনত ত্ৰিপুৰাৰ ১২ গৰাকী লোকৰ কোৱান্টেইনত থকাৰ নিৰ্দিষ্ট ম্যাদ উকলি যোৱা সত্বেও তেওঁলোকক নিজ ঠাইলৈ পঠোৱাত কিছু সমস্যাৰ সৃষ্টি হৈছে। বিষয়টো সন্দৰ্ভত কোকৰাঝাৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা ত্ৰিপুৰা চৰকাৰৰ সৈতে যোগাযোগ কৰি বাৰ্তালাপ অব্যাহত আছে যদিও এই লোকসকলক কেতিয়া আৰু কিদৰে ত্ৰিপুৰালৈ পঠোৱা হ’ব সেয়া এতিয়াও থিৰাং হোৱা নাই । আজি অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকল কোৱাৰেন্টাইন শিবিৰ ত্যাগ কৰি নিজগৃহলৈ যাত্ৰা কৰাৰ সময়ত ত্ৰিপুৰাৰ এইসকল লোক আৱেগিক হৈ পৰে ৷ আৰু তেওঁলোককো শীৰ্ঘ্ৰে নিজ গৃহলৈ পঠোৱাৰ বাবে আহ্বান জনায় ৷

Exit mobile version