ছীল হ’ল ভাৰত বাংলাদেশ সীমান্তৰ গেট

India Bangladesh border

কৰ’না ভাইৰাছ প্ৰতিৰোধৰ স্বাৰ্থতে বন্ধ কৰি দিয়া হ’ল ভাৰত বাংলাদেশ সীমান্তৰ লাফাশাইল আৰু গোবিন্দপুৰৰ গেট ৷ সীমা সুৰক্ষা বাহিনীৰ তৰফৰ পৰা আজি অনিৰ্দিষ্টকালৰ বাবে এই দ্বাৰ দুখন বন্ধ কৰা যাতায়ত নিষিদ্ধ কৰা হয় । বাংলাদেশৰ পৰা ক’ভিড ১৯ ত আক্ৰান্ত ৰোগীয়ে ভাৰতত প্ৰৱেশ কৰাৰ আশংকাতে এই দ্বাৰ দুখন বন্ধ কৰা বুলি বি এছ এফৰ সূত্ৰই জনাইছে ৷ ফলত অনিৰ্দিষ্টকাললৈ খোল নাখাব সীমান্তৰ কাটাঁতাৰৰ কাষত থকা এই দ্বাৰ দুখন ৷ এই দ্বাৰ দুখনেৰেই ভাৰতলৈ অহা যোৱা কৰা কৰিমগঞ্জ জিলাৰ গাওঁ লাফাশাইল আৰু গোবিন্দপুৰৰ কে’বাশ লোক ৷ দ্বাৰ দুখন মুকলি নোহোৱা পৰ্যন্ত এই গাওঁ দুখনৰ বাসিন্দাসকলে কাটাঁতাৰৰ সিপাৰৰ ন’ মেন্ছ লেণ্ড’ অঞ্চলতে গৃহবন্দী হৈ থাকিব লাগিব ৷

চৰকাৰী তথ্য অনুসৰি গোবিন্দপুৰত আছে ৩৭ টা পৰিয়ালৰ ২০৫ জন লোক আৰু লাফাশালত গাঁৱত আছে ৫৭ টা পৰিয়ালৰ কে’বাশ লোক ৷ কৰিমগঞ্জ জিলাৰ এই গাওঁ দুখনৰ বাসিন্দাসকলৰ সমস্যা দেশৰ আন নাগৰিকসকলতকৈ পৃথক ৷ কিয়নো তেওঁলোকৰ বাসগৃহ আছে কাটাঁতাৰৰ সিপাৰে, অৰ্থাৎ ভাৰত আৰু বাংলাদেশৰ সীমাৰ মাজত  থকা ভাৰতৰ অধিকৃত ন’ মেন্ছ লেণ্ড”ত ৷ কাঁটাঁতাৰৰ বাহিৰত থকা এইলোকসকলে প্ৰতি নিশাই ভাৰতীয় নাগৰিকত্ব হেৰুৱাব লগা হয় । উল্লেখযোগ্য যে এই গাওঁ দুখনৰ বাসিন্দাসকলে সুদীৰ্ঘ বছৰ ধৰি কাঁটাঁতাৰৰ বাহিৰত বসবাস কৰি আছে ৷ আনকি বসবাস কৰি থকা ভূমিত তেওঁলোকৰ নিজস্ব ভূমিৰ পট্টাও আছে ৷ বাংলাদেশৰ সীমাত ভাৰতে কাঁটাঁতাৰৰ বেৰ দিয়াৰ সময়ত চৰকাৰে এইলোক সকলক ভাৰতৰ মূল ভূখণ্ডলৈ অনাৰ প্ৰস্তুতি কৰিছিল ৷ কিন্তু ভূমিৰ ক্ষতিপূৰণৰূপে চৰকাৰে দিব বিচৰা মূল্য কম হোৱাৰ বাবেই গাওঁ দুখনৰ বাসিন্দাসকলে কাঁটাঁতাৰৰ বাহিৰতে থকাৰ সিদ্ধান্ত লয়৷

আনহাতে যিকোনো প্ৰয়োজনত  ভাৰতৰ মূল ভূ খণ্ডলৈ অহাৰ প্ৰয়োজন হ’লেই গাঁৱবাসীয়ে বি এচ এফৰ অনুমতি লৈ কাঁটাতাৰত থকা দ্বাৰ দুখনেৰে সোমাই আহে ৷ ইফালে লোকসকলে কাঁটাঁতাৰৰ বাহিৰত থকা কুশীয়াৰা নদীখনৰ পৰা দৈনন্দিন ব্যৱহাৰৰ কাৰণে পানী আনিব লাগে ৷ কিছুমানে আকৌ গৰু ছাগলীক ঘাঁহ খুৱাবৰ কাৰণে কাঁটাঁতাৰৰ সিপাৰত এৰি দিয়ে ৷ গতিকে সম্প্ৰতি সীমান্তৰ দ্বাৰ বন্ধ কৰি দিয়াত সমস্যাৰ সন্মুখীন হৈছে লোকসকল ৷ ইপিনে বাংলাদেশত ক’ভিড১৯ ৰোগীৰ সংখ্যা অত্যাধিক ভাৱে বৃদ্ধি পালে চিকিৎসাৰ সুযোগ লৈ বহু লোক ভাৰতত প্ৰবেশ কৰিব পাৰে বুলি সন্দেহ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ গতিকে সীমান্তৰ দ্বাৰ বন্ধ কৰিছে চৰকাৰে ৷আন্তজাৰ্তিক নিয়ম অনুসৰি কোনো ৰোগীয়ে আন দেশৰ পৰা প্ৰবেশ কৰিলে প্ৰথমে তেওঁৰ চিকিৎসা কৰিব লাগিব আৰু তাৰ পাছত আইনগত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। উল্লেখযোগ্য যে সম্প্ৰতি বি এছ এফ তৰফৰ পৰা সীমান্তৰ লোকসকলক পেয় পানীৰ ব্যৱস্থা কৰি দিছে  ৷ সেইদৰে কাঁটাতাঁৰৰ বাহিৰত থকা লোকসকলৰ যাতে খাদ্য কোনো অসুবিধা নহয়, সেই ক্ষেত্ৰতো বি এছ এফে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে।

Exit mobile version