সমগ্ৰ বিশ্বৰ লগতে ভাৰততো কৰ’না ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ সময়তে ইতিমধ্যে চৰকাৰে তলাবন্ধৰ ম্যাদ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে ৷তাৰ পিছতো যেন কৰ’না সংক্ৰমণ বিষয়টো সম্প্ৰতি গুৰুত্ব সহকাৰে লোৱা নাই একাংশই। আজি ছাগলীয়াত বংগ আৰক্ষীয়ে RJ-07GC/6266 নম্বৰৰ ১২ চকীয়া এখন মালবাহী ট্ৰাকৰ পৰা ৫৩ জন লোকক আটক কৰে ৷এই লোকসকলক উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম প্ৰবেশ পথ ছাগলীয়াৰে অসমত প্ৰবেশ কৰিব বিছাৰিছিল৷ অৱশ্যে ছাগলীয়াৰ অসম বংগ সীমান্তত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সষ্টম হৈ থকা আৰক্ষী আৰু দণ্ডাধীশ পৰ্যায়ৰ বিষয়াৰ তৎপৰতাত লোকসকলক অসমত প্ৰবেশত বাধা প্ৰদান কৰাত লোকসকলক অসমত প্ৰবেশ কৰাই দিয়াত ব্যৰ্থ হয় ৷আৰু ছাগলীয়াত নিয়োজিত আৰক্ষী আৰু জিলা প্ৰশাসন বিষয়াৰ লগত আলোচনাত মিলিত হৈ এই লোকসকলক অসমত চমজি ল’বলৈ আহ্বান জনাই। ইপিনে ইতিমধ্যে অসম বংগ সীমান্তৱৰ্তী ছাগলীয়া হালাকুৰা আৰু আগমনীত ৩৮৮ জন লোকক চাৰিটা কোৱাৰিন্টাইনত ৰখাৰ কাৰণে পুনৰ এনে লোকক ৰখাৰ বাবে প্ৰশাসনে অস্বীকাৰ কৰাত বংগ আৰক্ষীয়ে পশ্চিমবংগতে কোৱাৰেন্টাইনত ৰখাৰ ব্যৱস্থা কৰে ৷জানিব পৰা মতে গুৱাহাটীৰ বেলতলাত শ্ৰমিক হিচাপে নিয়োজিত এই লোকসকল আছিল বিহাৰৰ বিভিন্ন প্ৰান্তৰ ৷তলাবন্ধৰ সময়সীমা বৃদ্ধি হোৱাৰ সম্ভাৱনাৰ বাবে যোৱা নিশা এই লোকসকল বিহাৰত থকা নিজ গৃহলৈ মালবাহী ট্ৰাকৰ যোগেদি ওভতনি যাত্ৰা কৰিছিল ৷শ্ৰীৰামপুৰ হৈ ট্ৰাক খন আজি পূৱাৰ ভাগত পশ্চিমবংগৰ শিলিগুৰিৰ পোৱাৰ পিছত বংগ আৰক্ষীয়ে মানুহ কঢ়িয়াই নিয়া বাহনখনক পশ্চিম বংগৰ পৰা কোচবিহাৰলৈ পঠিয়াই যদিও এই লোকসকলক ছাগলীয়াৰে অসমত প্ৰৱেশ কৰাত চেষ্টা বিফল হয় ৷ উল্লেখযোগ্য যে সম্প্ৰতি কোৱাৰেন্টাইনত থকা লোকসকলে বিহাৰত থকা নিজ গৃহলৈ যোৱাৰ ব্যৱস্থা কৰিবলৈ সংবাদ মাধ্যমৰ যোগেদি চৰকাৰক আহ্বান কৰে৷
তলাবন্ধৰ মাজতে ট্ৰাকেৰে সংগোপনে চলিছে মানুহৰ যাতায়ত
-
By publisher

- Categories: COVID-19, News
- Tags: Assam GovernmentCovid-19
Related Content
নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
By
publisher
April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
By
publisher
April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
By
publisher
April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
By
publisher
April 24, 2026
Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ
By
publisher
April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
By
publisher
April 24, 2026