তামুলপুৰত তথ্য বিভ্ৰান্তিৰ কাৰণে আতংকৰ পৰিস্থিতি

lockdown infection disease concept black green 177880612

তামুলপুৰ মহকুমাৰ ভূটান সীমান্তৰ এন কে দৰঙাৰ এটা মছজিদত যোৱা ২৫ মাৰ্চৰ পৰা আৱদ্ধ হৈ আছে বহিঃৰাজ্যৰ ৭ গৰাকী জামাতীৰ লগতে নলবাৰী জিলাৰ এগৰাকী জামাতী ৷ মংগলবাৰে বিয়লি ৮ গৰাকীকৈ জামাতী ভূটান সীমান্তৰ এন কে দৰঙাৰ বিহাৰী মছজিদত আৱদ্ধ হৈ থকা খবৰ অঞ্চলটোত বিয়পি পৰাত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় । এই সন্দৰ্ভত স্থানীয় এবিএমছুৰ নেতা আখতাৰ আলিয়ে সাংবাদিকৰ আগত কয় যে উত্তৰ প্ৰদেশৰ সীতাপুৰৰ আব্দুল হাফিজ, হাৰিয়ানাৰ মাউতৰ ইলিয়াচ আলি, মহম্মদ ওৱাচিন, মহম্মদ ফকৰুদ্দিন, চাহিল খান, হাৰিয়ানা গোচলাৰ আচফাক খান, মহম্মদ নচিব আৰু নলবাৰী জিলাৰ আব্দুল আলি নামৰ আঠগৰাকী যুৱকে অসমৰ বিভিন্ন মছজিদ ভ্ৰমণ কৰি দৰংগামেলাৰ বিহাৰী মছজিদত আহি উপস্থিত হয়।

আনহাতে কৰ’না ভাইৰাছৰ ভয়াৱহ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ২৫ মাৰ্চৰ পৰা দেশজুৰি ঘোষণা কৰা হয় তলাবন্ধ । ইফালে তলাবন্ধ আৰম্ভ হোৱাৰ লগে লগে মছজিদত উপস্থিত হোৱা জামাতী কেইজনৰ সন্দৰ্ভত স্থানীয় এবিএমছুৰ কৰ্মীয়ে ৪ এপ্ৰিলত দৰংগামেলা আৰক্ষী চকীত খবৰ দিয়ে ৷ আৰক্ষীয়ে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱাই স্বাস্থ্য বিভাগৰ সহযোগত ৮ জন লোকক মছজিদ সমিতিৰ সিদ্ধান্ত মৰ্মে মছজিদতে কোৱাৰেন্টাইনত থাকিবলৈ কয়। আনহাতে ১৪ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ তলাবন্ধৰ সময়সীমাৰ অন্ত পৰাত দৰংগামেলা আৰক্ষী চকীৰ বিষয়াজনে স্বাস্থ্য বিভাগৰ লোকক মছজিদত থকা লোককেইজনৰ স্বাস্থ্য পৰীক্ষাৰ কৰাৰ বাবে খবৰ দিয়াত স্বাস্থ্য কৰ্মীৰ দল এটি মছজিদত গৈ উপস্থিত হয় ৷ কিন্তু স্বাস্থ্যকৰ্মীসকলৰ পূৰ্বৰ পৰা মছজিদত কোৱাৰেন্টাইনত থকা লোকসকলৰ বিষয়ে জ্ঞাত নোহোৱাত আৰু তেওঁলোকৰ ভ্ৰমণৰ বিষয়ে জানিব পাৰি পুনৰ ১৪ দিনৰ কাৰণে কোৱাৰেন্টাইনত থাকিবলৈ নিৰ্দেশ দিয়ে ৷

ইয়াৰ পিছত জামাতীকেইজন মছজিদত কোৱাৰেন্টাইনত থকা কথাটো চাৰিওফালে বিয়পি পৰাত অঞ্চলটোৰ স্থানীয় বাসিন্দাৰ মাজত আতংকময় পৰিবেশৰ সৃষ্টি হয় ৷অৱশ্যে আৰক্ষী,আশাকৰ্মী,এবিএমছু আৰু মছজিদ পৰিচালনা সমিতিৰ লোকৰ তদন্তৰ পিছতহে অঞ্চলটোত আতংকৰ অন্ত পৰে ৷ উল্লেখযোগ্য যে জামাতী কেইজনক মছজিদৰ পৰিৱৰ্তে কি কাৰণত চিকিৎসকৰ তত্বাৱধানত তামুলপুৰত থকা কোৱাৰেন্টাইন কেন্দ্ৰত ভৰ্তি নকৰালে সেই লৈ সচেতন মহলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷

Exit mobile version