কৰ’না ভাইৰাচৰ সংক্রমণ ৰোধৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ ৩ মে’লৈকে বৃদ্ধি কৰা তলাবন্ধৰ পিছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰিছে কেতবোৰ বিশেষ নিৰ্দেশনা ৷ এই নিৰ্দেশনা অনুসৰি কৃষি আৰু নিৰ্ধাৰিত কাৰ্যকলাপৰ ক্ষেত্ৰত কঠোৰতা শিথিল কৰি দিয়া হ’ব ।
- ২০ এপ্ৰিলৰ পাছত যিসমূহ অঞ্চল ক’ভিড -১৯ হটস্পট ৰূপে চিহ্নিত কৰা নাই তেনে অঞ্চলত কৃষিকাৰ্য, কৃষিজাত সামগ্ৰী ক্ৰয় আৰু নিৰ্ধাৰিত মানৰ জৰিয়তে কৃষি মাৰ্কেটিং আৰু প্ৰত্যক্ষ আৰু বিকেন্দ্ৰীকৃত মাৰ্কেটিঙত অনুমোদন জনোৱা হব।
- তথ্য প্ৰযুক্তি, ই কমাৰ্ছ আৰু আন্তঃৰাজ্যিক পৰিবহনৰ ক্ষেত্ৰত শিথিলতা ৷
- ৰাজহুৱা বাচ, যাত্রীবাহী ৰেল সেৱা, মেট্ৰ’ ৰেলসেৱা, আন্তৰাষ্ট্ৰীয় বিমান সেৱা চলাচলত নিষেধাজ্ঞা ৷
- ই-ৰিক্সা, অ’টো ৰিক্সা আদি বন্ধ থাকিব ৷
- সকলো ধৰণৰ শিক্ষানুষ্ঠান, ট্ৰেইনিং চেন্টাৰ আদি তলাবন্ধৰ সময়ত বন্ধ থাকিব।
- সকলো বিত্তীয় প্ৰতিষ্ঠান আৰু উদ্যোগসমূহ চৰকাৰৰ নীতি নিৰ্দেশনা মানি চলিব লাগিব ৷
- জৰুৰীকালীন অৱস্থাৰ লগত জৰিত সেৱা সমূহ চৰকাৰ নিৰ্দেশনা মানি চলিব লাগিব।
- ছবিগৃহ, শ্ব’পিং মল, জিম, সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ, বিভিন্ন ধৰণৰ খেল, মনোৰঞ্জনৰ লগত জৰিত অনুষ্ঠান, থিয়েটাৰ হল, বাৰ, প্ৰেক্ষাগৃহ আদি বন্ধ থাকিব ৷
- সামাজিক, ৰাজনৈতিক, মনোৰঞ্জন, ধৰ্মীয় অনুষ্ঠানৰ নামত হোৱা জনসমাগম নিষিদ্ধ কৰা হৈছে তলাবন্ধৰ সময়ত ।
- আনহাতে, মৃতদেহ সৎকাৰত ২০ জনতকৈ অধিক লোকৰ সমাগম হ’ব নোৱাৰিব ৷
- আনহাতে জন সমাগম হোৱাত ঠাইত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ৷
- যিকোনো সংস্থা বা ৰাজহুৱা অনুষ্ঠানত পাঁচজন বা তাতকৈ অধিক লোক জমা হ’ব নোৱাৰিব ৷
- ৰাজহুৱা স্থানত থু পেলালে জৰিমনা বিহা হ’ব ৷
- মদ, গুটখা আদিৰ বিক্ৰীৰ প্ৰতিবন্ধকতা আৰোপ কৰা হ’ব ৷