বন্দী শিবিৰত দুবছৰ অতিবাহিত কৰা বিদেশীক জামিনত মুকলিৰ নিৰ্দেশ

Gauhati High Court

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ডিটেনশ্বন কেম্পত ইতিমধ্যে দুবছৰ সম্পূৰ্ণ কৰা ঘোষিত বিদেশীক চৰ্ত সাপেক্ষে জামিনত মোকলাই দিয়াৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ দেশৰ উচ্চতম ন্যায়ালয়ৰ শেহতীয়া নিৰ্দেশনাৰ ভিত্তিত নিজাববীয়াকৈ ৰজু কৰা ১/২০২০ নম্বৰ লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মনজিত ভূঞা আৰু ন্যায়াধীশ অজিত বৰঠাকুৰেৰে গঠিত বিচাৰপীঠে এই নিৰ্দেশনা জাৰি কৰে ৷ শুনানিৰ অন্তত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ছ’লিচেটৰ জেনেৰেল সুভাষ চন্দ্ৰ কায়েলে কয় যে সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে যোৱা ১৩ এপ্ৰিলত ৪৮২১৫/২০২০ আৰু ৪৮২১৬/২০২০ নম্বৰৰ আই এ’ৰ শুনানী গ্ৰহণ কৰি জাৰি কৰা নিৰ্দেশনাৰ ভিত্তিতে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্দী শিবিৰত থকা ঘোষিত বিদেশীসকলৰ বাবে প্ৰযোজ্য হোৱাকৈ১/২০২০ নম্বৰত নিজাববীয়াকৈ এখন লেখ আবেদন কৰিছিল ৷

ইয়াৰ পিছত ১৯৪৬ ৰ বিদেশী হিচাপে চিহ্নিত হোৱা সকলৰ ভিতৰত যিসকলে ইতিমধ্যে তিনিবছৰ অতিক্ৰম কৰিছে সেইসকলে এক লাখ টকাৰ সৈতে দুজন জামিনদাৰৰ বিনিময়ত জামিন মঞ্জুৰৰ বাবে বিগত বৰ্ষৰ ১০ মে’ত উচ্চতম ন্যায়ালয়ে জাৰি কৰা নিৰ্দেশনাৰ সংশোধন ঘটাই ডিটেনশ্বন কেম্পত ইতিমধ্যে দুবছৰ অতিক্ৰম কৰা ঘোষিত বিদেশীক চৰ্ত সাপেক্ষে জামিনত মোকলাই দিয়াৰ নিৰ্দেশ দিয়ে ৷ ইয়াৰ কাৰণে সংশ্লিষ্ট ঘোষিত বিদেশীসকলে জামিনৰ বাবে পূৰ্বৰ এক লাখ টকাৰ পৰিৱৰ্তে পাঁচ হেজাৰ টকা আৰু দুজন ভাৰতীয় নাগৰিকৰ জামিনদাৰ হিচাপে প্ৰয়োগ কৰিব লাগিব বুলি কয় সুভাষ চন্দ্ৰ কায়েলে ৷লগতে সীমান্ত আৰক্ষীসকলে ডিটেনশ্যন কেম্পত ইতিমধ্যে দুবছৰ অতিক্ৰম কৰা বিদেশীসকলৰ তালিকা প্ৰস্তুত কৰিব লাগিব । আনহাতে জামিনত মুকলি কৰি দিয়াৰ পূৰ্বে বায়’মেট্ৰিক পদ্ধতিৰে চকু,আঙুলিৰ চাপ,ফটো আদি সংগ্ৰহ কৰিব লাগিব বুলি সদৰি কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ছ’লিচেটৰ জেনেৰেল সুভাষ চন্দ্ৰ কায়েলে ৷

Exit mobile version