অসমৰ ৩২খন জিলাক ‘হাই ৰিস্ক’ জিলাৰূপে চিহ্নিত কেন্দ্ৰৰ: মুখ্যমন্ত্ৰী 

EVon9CFVAAAF6Pu

‘আৰক্ষী বিভাগে সকলো চৰকাৰী বিভাগৰ স’তে সহযোগিতা বৰ্তাই কাম কৰিব লাগিব। যেতিয়া চৰকাৰৰ সকলোবোৰ বিভাগে এক হৈ সহযোগিতাৰে কাম কৰে তেনে পৰিস্থিতিতহে চৰকাৰী কাম- কাজ সমূহৰ সুচল ৰূপায়ন সম্ভৱ হৈ উঠে তথা জনসাধাৰণে সেই কামৰ সুফল লাভ কৰিবলৈ সক্ষম হয়।’ এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে উজনি অসমৰ ১০খন জিলাৰ আৰক্ষী অধীক্ষক সকলৰে এক বৈঠকত মিলিত হোৱাৰ পৰত এইদৰে কোৱাৰ লগতে জিলাকেইখনৰ সাম্প্ৰতিক আইন-শৃংখলা পৰিস্থিতিৰ বুজ লয়। ক’ৰণা ভাইৰাছ ৰ বিৰুদ্ধে চলি থকা যুজঁখনত আগশাৰীৰ যোদ্ধা ৰূপে অসম আৰক্ষীয়ে গ্ৰহণ কৰি অহা ভূমিকাক প্ৰসংশা কৰাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰীয়ে কিছুদিনৰ পূৰ্বে গোলাঘাটত সংঘটিত এক ঘটনাৰ সন্দৰ্ভত আৰক্ষীক সতৰ্ক কৰিও দিয়ে।

উল্লেখ্য যে কিছুদিনৰ পূৰ্বে তলা বন্ধৰ মাজতে নিজৰ দায়িত্ব সম্পাদন কৰিবলৈ যোৱা শক্তি বিভাগৰ একাংশ কৰ্মচাৰীক আৰক্ষীয়ে হাৰাশাস্তি কৰিছিল। সেই বিষয়টো উক্ষাপন  কৰি মুখ্যমন্ত্ৰী সোণোৱালে এই ধৰণৰ অবাঞ্চিত ঘটনা যাতে পুনৰ সংঘটিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আৰক্ষীক সতৰ্ক কৰি দিয়ে। লগতে কয় যে এই ধৰণৰ ঘটনাই আৰক্ষী বিভাগে কৰি অহা ভাল কাম সমূহত কালিমা সানে। সেইদৰে স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী, কৃষি, পশুপালনকে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ স’তে সহযোগিতাৰে কাম কৰিবলৈকো মুখ্যমন্ত্ৰীয়ে আৰক্ষী বিভাগক আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে তিনি মে’ পৰ্যন্ত বৃদ্ধি কৰা তলাবন্ধ সময়ছোৱাত সৰ্বসাধাৰণ লোকে অত্যাৱশ্যকীয় সামগ্ৰী লাভ কৰাৰ ক্ষেত্ৰত যাতে কোনো জটিলতাৰ সন্মুখীন নহয়, তাৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী যোগানৰ ধাৰাবাহিকতা অক্ষুন্ন ৰখাত আৰক্ষীয়েও গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিব লাগিব। সেইদৰে ৰাজ্যত যাতে কঠোৰভাবে তলাবন্ধ ৰূপায়িত হয় আৰু ৰাইজে যাতে তলা বন্ধৰ নীতি নিৰ্দেশনাসমূহ  পুৰ্ণাংগৰুপত মানি চলে, সেয়া নিশ্চিত কৰিবলৈকো মুখ্যমন্ত্ৰীয়ে আৰক্ষী বিভাগক নিৰ্দেশ দিয়ে। আৰক্ষী বিভাগৰ কাম কাজ সম্পৰ্কে ৰাইজৰ মতামত জানিবলৈ সামাজিক মাধ্যমযোগে জনমত লবলৈ পৰামৰ্শ আগবঢ়াই।

মুখ্যমন্ত্ৰীয়ে এই দুৰ্যোগপূৰ্ণ সময়ত জটিলতাৰ সন্মুখীন হৈ অহা জনসাধাৰণক খাদ্য, ঔষধকে ধৰি প্ৰয়োজনীয় সা-সামগ্ৰী যোগান ধৰাৰ বাবে আৰক্ষীয়ে লোৱা পদক্ষেপৰ শলাগ লয়। লগতে তেওঁ তলা বন্ধৰ সময়ছোৱাত খাদ্য সামগ্ৰী আৰু ঔষধৰ যিকোনো ধৰনৰ যোগানৰ ক্ষেত্ৰত বিশেষকৈ বয়োজেষ্ঠ্য নাগৰিক, গৰ্ভৱতী মহিলা আৰু শিশুৰ প্ৰয়োজন সমূহৰ ক্ষেত্ৰত তৎপৰতাৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰক্ষী বিভাগক নিৰ্দেশ দিয়ে। ইয়াৰ উপৰি উজনি অসমৰ জিলা কেইখনৰ আৰক্ষী অধীক্ষক সকলক চাহ বাগিচাৰ লাইন চৰ্দাৰ আৰু শ্ৰমিক সকলৰ সৈতে সহযোগিতাৰ চাহ বাগিচাৰ লাইন  সমূহত নিৰীক্ষণ ৰাখিবলৈকো মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। আনহাতে, দেশৰ দেশৰ বিভিন্ন প্ৰান্তৰ যিসকল শ্ৰমিক সম্প্ৰতি অসমত আবদ্ধ হৈ আছে, তেওঁলোকৰো সঠিক যত্ন লবলৈ মুখ্যমন্ত্ৰীয়ে আৰক্ষী বিভাগক নিৰ্দেশ দিয়ে। এই শ্ৰমিক সকলক নিৰপদে ৰখাৰ বাবে অসম চৰকাৰে তেওঁলোকক নিজ নিজ ৰাজ্যৰ প্ৰশাসনক প্ৰতিশ্ৰুতি দিয়া বুলিও মুখ্যমন্ত্ৰীয়ে সদৰী কৰে। আনহাতে কোনো ব্যৱসায়ীয়ে যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়ে সোনোৱালে। ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে দৰিদ্ৰ শ্ৰেণীলৈ আগবঢ়োৱা চাউল আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী যোগানত যাতে কোনো যতি নপৰে আৰু এই লোক সকল কোনো অসুবিধাৰ সন্মুখীন নহয়, সেই দিশত গুৰুত্ব আৰোপ কৰিবলৈকো মুখ্যমন্ত্ৰীয়ে আৰক্ষী বিভাগক যথোচিত পদক্ষেপ ল’বলৈ কয়।

ইপিনে, সামাজিক মাধ্যমযোগে সমাজত হিংসা, ঘৃণা, অশান্তি বিয়পোৱা বাৰ্তা যাতে কোনেও বিয়পাব নোৱাৰে আৰু এই সন্ধিক্ষণত যাতে সমাজত শান্তি-সম্প্ৰীতি বাহাল থাকে তাৰ বাবে সামাজিক মাধ্যমৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ তাৎক্ষণিক সতৰ্কবাণী দিবলৈ মুখ্যমন্ত্ৰীয়ে আৰক্ষীবিভাগক নিৰ্দেশ দিয়ে। উল্লেখ্য যে অসমৰ ৩২ খন জিলা কৰ’না ভাইৰাছ সংক্ৰমণৰ সংক্ৰান্তত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰনালয়ে চিহ্নিত কৰা ‘হাই ৰিস্ক’ জিলাসমূহৰ তালিকাত অন্তৰ্ভুক্ত কৰা বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে। সেয়ে এই জিলাসমূহত উদ্ভৱ হ’ব পৰা যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ আৰক্ষী বিভাগক প্ৰস্তুত হৈ থাকিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

Exit mobile version