সংশোধিত নাগৰিকত্ব আইন বিৰোধী আইন আন্দোলনৰ সময়ত কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰা সন্দৰ্ভত চাবুৱা আৰক্ষী থানাত ৰজু হৈ থকা ২৮৯/২০১৯ নম্বৰৰ গোচৰৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে । কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে যোৱা চাৰি এপ্ৰিলত ১১০১১/৩৪/২০২০ এন আই এ নম্বৰৰ নিৰ্দেশনা মৰ্মে চাবুৱা আৰক্ষী থানাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ১২০/১৪৭/১৪৮/১৪৯/৩৩৬/৩৫৩/৩২৬/৩০৭/১৫৩ আৰু বে আইনী কাৰ্যকলাপৰ ভিত্তিতে এক গোচৰ ৰজু কৰে। ইয়াৰ ভিত্তিতে সংশ্লিষ্ট গোচৰৰ এজাহাৰৰ প্ৰতিলিপি তদন্তকাৰী বিষয়াই এন আই এৰ বিশেষ আদালতত দাখিল কৰে। ইপিনে সংশ্লিষ্ট গোচৰৰ সকলো নথি এ এন আইক হস্তান্তৰৰ বাবে চাবুৱা আৰক্ষীক নিৰ্দেশ দিয়ে এ এন আইৰ বিশেষ আদালতে ৷ লগতে সংশ্লিষ্ট গোচৰৰ পৰৱৰ্তী শুনানীৰ বাবে এন আই এৰ বিশেষ আদালতে অহা ২৩ এপ্ৰিলৰ দিনটো ধাৰ্য কৰা বুলি অধিবক্তাই জনায়।
কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ
-
By publisher

- Categories: Uncategorized
- Tags: AKHIL GOGOICovid-19FIGHT AGAINST COVID-19
Related Content
Maha Kumbh Bathing:কুম্ভত মহিলাসকলৰ গা ধোৱা আৰু কাপোৰ সলোৱা ভিডিঅ' বিক্ৰীৰ অভিযোগত গ্ৰেপ্তাৰ তিনিজন
By
publisher
February 22, 2025
Punjab :পঞ্জাৱক বদনাম কৰাৰ চেষ্টা !
By
publisher
February 15, 2025
ইৰাণৰ বিৰুদ্ধে ট্ৰাম্পৰ প্ৰথম পদক্ষেপ ! তেল আমদানিত বাধা আৰোপ
By
publisher
February 8, 2025
বুধবাৰে আমেৰিকালৈ ৰাওনা হ'ব নৰেন্দ্র মোদী !
By
publisher
February 8, 2025
ভাৰতৰ ওপৰত মাৰ্কিন চাপ বৃদ্ধিৰ শংকা
By
publisher
February 6, 2025
Delhi:‘ন্যূনতম সা-সুবিধা নাই দিল্লীত, বহিঃৰাজ্যলৈ গৈ লাজত পৰিব লগা হয় : বৈদেশিক মন্ত্ৰী
By
publisher
February 2, 2025