কৰ’না আতংকৰ মাজতে গোৱালপাৰা জিলাৰ গোৱালপাৰা আঞ্চলিক বন বিভাগ আৰু আগিয়া থানাৰ অন্তৰ্গত হাদলাপাৰাত আজি পুৱতি নিশা ২ বজাত বন্যহস্তীৰ গছকত কাদব ৰাভাৰ দুই পুত্ৰ কন্যা নিহত হোৱাৰ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে যোৱা নিশা অঞ্চলটোত বনৰীয়া হাতীৰ জাক এটাই উপদ্ৰৱ চলোৱাৰ বাবেই কাদব ৰাভাৰ পত্নী ৰোহিলা ৰাভাই দুই সন্তান সহ নিৰাপদ স্থানলৈ যোৱাৰ চেষ্টা চলোৱাৰ সময়তে বনৰীয়া হাতীৰ আক্ৰমণত জৰ্ণা ৰাভা আৰু চিৰঞ্জীত ৰাভা নামৰ শিশু দুটি থিতাতে নিহত হয়। অন্যহাতে, দৰিদ্ৰ কাদব ৰাভাই দিন হাজিৰা মজুৰি কৰিবলৈ গৈ তলাবন্ধ কাৰ্যসূচীৰ বাবে গুৱাহাটীত আবদ্ধ হৈ আছে। ইফালে কিছুদিনৰ পৰা গোৱালপাৰা জিলাৰ প্ৰান্তত হাতীৰ উপদ্ৰৱ বৃদ্ধি পাইছে যদিও প্ৰতিৰোধৰ ক্ষেত্ৰত বন বিভাগে উপযুক্ত পদক্ষেপ নোলোৱা বুলি ৰাজহুৱা অভিযোগ উত্থাপিত হৈ আহিছে। এই সংক্রান্তত আৰক্ষীয়েও বিশেষ তৎপৰতা প্ৰদৰ্শন কৰা নাই বুলি আৰু বন বিভাগৰ গাফিলতিৰ বাবে এনে ঘটনা সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে প্ৰকাশ কৰিছে।
গোৱালপাৰাৰ হাদলাপাৰাত বন্যহস্তীৰ গছকত একেটা পৰিয়ালৰ দুই শিশুৰ মৃত্যু
-
By publisher

ADVERTISEMENT
- Categories: News
- Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19STAY HOME STAY SAFE
Related Content
গৌৰৱ গগৈ হ'ব নেকি নতুন সভাপতি ?
By
publisher
May 17, 2025
আঠ কোটিটকীয়া বুঢ়াদিয়া নৈৰ মথাউৰি নিৰ্মাণৰ নামত প্ৰহসন
By
publisher
May 17, 2025
Tea production declined in Assam:চলিত বছৰৰ প্ৰথম তিনি মাহত চাহৰ উৎপাদন হ্রাস পালে অসমত
By
publisher
May 17, 2025
ভোলাৰী ঘাটিত পাক বায়ুসেনাৰ সাতজন বিষয়া নিহত! ভাৰতৰ দাবীত ছীলমোহৰ পাকিস্তানৰ
By
publisher
May 16, 2025
পুনৰ বৃদ্ধি পাইছে কৰ'না আক্ৰান্ত!
By
publisher
May 16, 2025
ট্ৰাম্প হৈছে ‘শান্তিৰ দূত’! ভাৰত-পাকিস্তান যুদ্ধবিৰতিৰ পাছত হোৱাইট হাউছৰ এই দাবী
By
publisher
May 16, 2025