বিশ্বনাথ আৰু মাজুলী জিলাত ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে লোৱা পদক্ষেপৰ পৰ্যালোচনা কৰিলে মুখ্যমন্ত্ৰীয়ে

IMG 20200416 WA0128

■ বিশ্বনাথ জিলাৰ চাহ বাগিচা সমূহৰ শ্রমিকসকলৰ মাজত কৰ্মক্ষেত্ৰত সামাজিক ব্যৱধান সুনিশ্চিতকৰণকে ধৰি স্বাস্থ্য সন্মত বিধি-বিধানৰ নিয়মীয়া পৰ্যবেক্ষণৰ বাবে নিৰীক্ষণ গোট গঠনৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ।

■ কৃষকসকলক স্বাস্থ্য সন্মত নিয়ম মানি কৃষি কৰ্মত নিয়োজিত হ’বৰ বাবে চৰকাৰে অনুমতি প্ৰদান কৰিছে। কৃষকসকলে ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আদিৰ ব্যৱহাৰকে ধৰি  কৃষি কাৰ্যত যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে জিলা কৃষি বিভাগক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ। লগতে জিলাখনত পশু খাদ্য পৰ্যাপ্ত পৰিমাণে উপলব্ধ কৰাবলৈ পশু পালন আৰু পশু চিকিৎসা বিভাগক নিৰ্দেশ।

■মন্ত্ৰী, সাংসদ আৰু বিধায়ক সকলৰ সৈতে নিয়মীয়া বৈঠক অনুষ্ঠিত কৰিবলৈ জিলা উপায়ুক্ত গৰাকীক নিৰ্দেশ।

■ জিলাৰ বহিঃ ৰাজ্যৰ পৰা অহা ছাত্ৰ-ছাত্ৰী, শ্ৰমিক আদিক নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ লগতে সম্পূৰ্ণ নিৰীক্ষণত ৰাখিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ।

■ জিলাখনত ইনছুলিন, এন্টি ভেনম আদিৰ দৰে জীৱনদায়িনী ঔষধ পৰ্যাপ্ত পৰিমাণে মজুত ৰাখিবলৈ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকক নিৰ্দেশ।

■ বিশ্বনাথ জিলাৰ ৰাইজৰ মাজত অত্যৱশ্যকীয় সামগ্ৰীৰ নিৰ্ধাৰিত মূল্য সন্দৰ্ভত গাঁৱে-ভূঞে পৰ্যাপ্ত প্ৰচাৰৰ দিহা কৰিবলৈ জিলা উপায়ুক্তক নিৰ্দেশ।

■ ৩ মে’লৈকে লক্-ডাউনৰ সময়ছোৱাত জনসাধাৰণে যাতে সামাজিক দূৰত্ব বজাই ৰাখে তাক সুনিশ্চিত কৰিবলৈ জিলা উপায়ুক্তক নিৰ্দেশ।

Exit mobile version