১৭০ খন জিলাক কৰ’নাৰ অভিকেন্দ্ৰ ঘোষণা কেন্দ্ৰৰ 

2153604615820967331

দেশত সম্প্ৰতি কৰ’না ভাইৰাছৰ আক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ ভাৰতত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যাই ১২ হেজাৰ অতিক্ৰম কৰিলে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি দেশত ১২৭৯৯ জন লোক এই ভাইৰাছত আক্ৰান্ত হৈছে ৷ ইয়াৰ বিপৰীতে দেশত মৃত্যুৰ সংখ্যা ৪২৮ জন ৷ আনহাতে এই পৰ্যন্ত সুস্থ হৈ উঠিছে ১৫৮২ জন ৷ এই পৰিস্থিতিত দেশৰ সাতশখন জিলাৰ ভিতৰত ১৭০ খনক কেন্দ্ৰীয় চৰকাৰে হটস্পট অৰ্থাৎ কৰ’না ভাইৰাছৰ সংক্ৰমণৰ অভিকেন্দ্ৰ হিচাপে চিনাক্ত কৰিছে ৷ এই জিলাসমূহত প্ৰতিৰোধ নিশ্চিত কৰিবলৈ ৰাজ্যসমূহক কেন্দ্ৰই নিৰ্দেশ দিছে ৷ দেশৰ ছখন মেট্ৰ’ আৰু সিংহভাগ মহানগৰী এই হটস্পট তালিকাত অন্তৰ্ভুক্ত হৈছে ৷ তালিকা অনুসৰি ১২৩ খন জিলাত বৃহৎ ৰূপত কৰ’নাৰ সংক্ৰমণ হৈছে ৷ ইয়াৰ ভিতৰত আছে দিল্লীৰ নখন জিলা ৷

মুম্বাইৰ অংশ বিশেষ কলকাতা, বাংগালুৰুৰ নগৰাঞ্চল, হাইদৰাবাদ, চেন্নাই, জয়পুৰ আৰু আগ্ৰা ৷ হটস্পট বা ৰঙা মণ্ডলত এনে জিলা বা মহানগৰ অন্তৰ্ভুক্ত কৰা হৈছে য’ত কৰ’নাত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক ৷ তদুপৰি দ্ৰুতহাৰত সংক্ৰমিত,চাৰিদিনৰ ভিতৰত আক্ৰান্তৰ হাৰ দুগুণ হোৱা স্থানকো ইয়াৰ অন্তৰ্ভুক্ত কৰা হৈছে ৷ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ১৭০ টা হটস্পটৰ ভিতৰত ৪৭ টাত একো একোটা গোটৰ মাজত অৰ্থাৎ ক্লাষ্টাৰত সংক্ৰমণ হোৱা বুলি কেন্দ্ৰই তথ্য সদৰি কৰিছে ৷ এই ক্ষেত্ৰত একোটা গোটৰ মাজত ১৫ টাতকৈ অধিক সংক্ৰমণৰ ঘটনা সংঘটিত হ’লে আৰু বাঢ়ি গৈ থাকিলে ক্লাষ্টাৰ বুলি ধৰা হৈছে ৷ ইপিনে তালিকাখনত ২০৭ খন সম্ভাব্য হটস্পট জিলাক অন্তৰ্ভুত কৰা হৈছে ৷ যদিহে ২৮ দিনৰ ভিতৰত কোনো সংক্ৰমণ নঘটে আৰু সকলো ৰোগী ৰোগমুক্ত হয় তেনে অঞ্চলক সেউজীয়া মণ্ডলৰূপে ঘোষণা কৰা হ’ব বুলি সদৰি কৰে কেন্দ্ৰীয় চৰকাৰে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব লৱ আগৰৱালাই কয় যে অধিকসংখ্যক সংক্ৰমণৰ ঘটনাযুক্ত জিলাসমূহক হটস্পট শ্ৰেণীভুক্ত কৰিবলৈ কোৱা হৈছে ৷ তেওঁ কয় যে অত্যাৱশ্যকীয় সেৱাৰ লগত জৰিত সকলৰ বাহিৰে আন কোনো লোক এই অঞ্চলসমূহত ঘুৰি ফুৰিব নোৱাৰিব ৷ আনহাতে কেন্দ্ৰীয় চৰকাৰে কৰ’না ভাইৰাছৰ হটস্পট ৰুপে চিনাক্ত কৰা অসমৰ জিলাসমূহ হৈছে যোৰহাট, কামৰূপ মহানগৰ, গোৱালপাৰা, ধুবুৰী, নলবাৰী, কাছাৰ, দক্ষিণ শালমাৰা, মানকাছাৰ, মৰিগাঁও, লখিমপুৰ, কামৰূপ, হাইলাকান্দি আৰু গোলাঘাট ৷

Exit mobile version