‘ৰেড জ’নৰ পৰা ‘অৰেঞ্জ জ’ন’লৈ  গোলাঘাট, কাইলৈ আহিব স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

Zonation

সমগ্ৰ ৰাজ্যখনৰ ভিতৰতে গোলাঘাট জিলাত  কৰ’না ভাইৰাছ কোভিড ১৯  আক্ৰান্ত ৰোগীৰ সংখ্যা সৰ্বাধিক হোৱাৰ লগতে ৫৫ জনকৈ লোক অসামৰিক চিকিৎসালয়ৰ আইচ’লেশ্বন ৱাৰ্ডত নিৰিক্ষণত থকাৰ পাচত জিলাখনক ‘ৰেড জ’ন হিচাপে ঘোষণা কৰে ৰদিও  গোলাঘাট জিলাবাসীৰ বাবে একপ্ৰকাৰ সু-খবৰ । ক্ৰমাৎ উন্নত অৱস্থালৈ আহিছে গোলাঘাট জিলাৰ পৰিস্থিতি । কেন্দ্ৰীয় চৰকাৰৰ বিধি-ব্যৱস্থামতেই সম্প্ৰতি গোলাঘাট জিলা বিপদজনক ‘ৰেড জ’ন’ পৰা ‘অৰেঞ্জ জ’ন’ লৈ অৱনমিত হৈছে । গোলাঘাট জিলাৰ উপায়ুক্ত বিভাস চন্দ্ৰ মোদিয়ে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য দপ্তৰৰ পৰা লাভ কৰা এক বাৰ্তা অনুযায়ী আজি এই কথা প্ৰকাশ কৰে । সাংবাদিকৰ আগত তেওঁ লগতে কয় যে, যিহেতু বিগত ১৪ দিনত গোলাঘাট জিলাত এজনো  কৰ’না ভাইৰাছ কোভিড ১৯ আক্ৰান্ত ৰোগী চিনাক্ত হোৱা নাই, যাৰ বাবে গোলাঘাট জিলাখনে ‘ৰেড জ’ন’ৰ ভয়াবহতাৰ পৰা ৰক্ষা পৰিছে । যদিহে অহা ২৮ এপ্ৰিললৈকে জিলাখনত কোনো এজন লোক আক্ৰান্ত নহয়,তেন্তে ২৮ এপ্ৰিলৰ নিশা ১২ বজাত  গোলাঘাটে ‘অৰেঞ্জ জ’নৰ পৰা ‘ গ্ৰীণ জ’নলৈ নামি আহি বিপদমুক্ত জিলা হ’বগৈ ।

ইফালে নিজামুদ্দিন মাৰ্কজৰ পৰা ৯ জনকৈ লোক কৰ’নাত আক্ৰান্ত হৈ গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন  হৈ আছে যদিও শেহতীয়া পৰীক্ষাত বিজাণুমুক্ত হোৱা বুলি ধৰা পৰিছে । অসমাৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ উত্তম দত্তই অৱশ্যে প্ৰকাশ কৰে ৯ জনৰ ভিতৰত তিনিজনৰ পৰীক্ষাৰ বাবে পুনৰ আজি লেবৰেটাৰীলৈ প্ৰেৰণ কৰা হৈছে । নিশাভাগলৈ ফলাফল আহিলেই চিকিৎসাধীন হৈ থকা আক্ৰান্ত ৯ লোকেই বিপদমুক্ত হ’ব । ইফালে জিলাখনৰ শেহতীয়া পৰিস্থিতি বুঁজ লোৱাৰ উদ্দেশ্যে কাইলৈ পুৱা প্ৰায় ১০-৩০ বজাত অসমৰ স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা গোলাঘাটত উপস্থিত হ’বহি । স্বাস্থ্য মন্ত্ৰীৰ উপস্থিতিতে আক্ৰান্ত সকলক স্বাস্থ্য বিভাগে বিজাণুমুক্ত বুলি ঘোষণা কৰি নিজা-নিজা ঘৰলৈ প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে । চিকিৎসালয়ৰ ‘আইচ’লেশ্বন ৱাৰ্ড’ত নিৰিক্ষণত থকা আন ৫৫ জনৰো  নিৰিক্ষণত থকাৰ নিৰ্দিষ্ট সময়সীমা ইতিমধ্যে ওকলা বুলি অসামৰিক চিকিৎসালয়ৰ সুত্ৰত প্ৰকাশ ।

Exit mobile version