এপ্ৰিলৰ শেষত সৰ্বোচ্চ স্তৰত উঠিব কৰ’নাৰ সংক্ৰমণ

61898c8628d848129d3fcd0b160773da 18

দেশত ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে ন’ভেল কৰ’না ভাইৰাছে । এনে সময়তে অধিক আশংকা ব্যক্ত কৰিলে বিশ্ব স্বাস্থ্য সংস্থাৰ স’তে জড়িত এজন বিশেষজ্ঞই । এপ্ৰিলৰ শেষত দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণ সৰ্বোচ্চ স্তৰত উপনীত হ’ব বুলি সতৰ্ক কৰি দিছে পাব্লিক হেলথ ফাউন্ডেছন অৱ ইণ্ডিয়াৰ সভাপতি কে শ্ৰীনাথ ৰেড্ডীয়ে । এই সন্দৰ্ভত ৰেড্ডীয়ে কয়, ‘ভাইৰাছৰ ধৰ্ম হৈছে মিউটেট কৰা । ভাৰতত কৰ’না ভাইৰাছৰ যি প্ৰকৃতি, তাৰ দ্বাৰা সামান্য ইফাল-সিফাল হ’বও পাৰে । ভাইৰাছটো ভাৰতত দুৰ্বল হৈ পৰিছে বুলি কোনো তথ্য গৱেষণাত পোৱা গৈছে বুলি মই অন্তত শুনা নাই । গৱেষণাৰ ফল জনাৰ বাবে আমি আৰু অপেক্ষা কৰিব লাগিব। ‘অৱশ্যে ৰেড্ডীয়ে আশা প্ৰকাশ কৰিছে যে অন্যান্য ভাইৰাছৰ দৰে এই  কৰ’না ভাইৰাছো প্ৰৱল গৰমত কাহিল হৈ পৰিব । কিন্তু গৱেষণাৰ ফল গম নোপোৱা পৰ্যন্ত এই কথা কোৱাটো সঠিক নহ’ব বুলি তেওঁ মন্তব্য কৰে ।

ADVERTISEMENT

ইপিনে আন দেশৰ দৰে ভাৰতো তৃতীয় পৰ্যায়ত উপনীত হয় নে নাই, সেয়াও এতিয়াই ক’ব পৰা হোৱা নাই বুলি ৰেড্ডীয়ে কয়। বিশেষজ্ঞজনে  কয় যে এই কথা কোৱাৰ বাবে কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰণালয়ে তথ্য  সংগ্রহ কৰিছে । তলাবন্ধৰ দিন বৃদ্ধিৰ সম্পৰ্কেও ৰেড্ডীয়ে মন্তব্য কৰে । ‘শৃংখল সম্পূৰ্ণৰূপে ছিঙাতো সম্ভৱ নহ’লেও অন্তত ভাইৰাছ ট্ৰান্সমিছনৰ গতি কমাই দিবলৈ সক্ষম হৈছে তলাবন্ধই । আচলতে তলাবন্ধই স্বাস্থ্য আৰু নানা সামাজিক আন্তঃগাঁথনি প্ৰস্তুত কৰাৰ বাবে চৰকাৰৰ হাতত মূল্যবান সময় তুলি দিছে । যি মহামাৰীৰ বিৰুদ্ধে যুঁজৰ সময়ত একান্তই প্ৰয়োজন।এইবাৰ পৰিস্থিতি অনুযায়ী কৌশল সলনি কৰি কৰি আমি জয়ৰ দিশে আগবাঢ়ি যাব লাগিব ।’

Exit mobile version