গোলাঘাটত স্বাস্থ্য মন্ত্ৰীয়ে মুকলি কৰিলে ২৪ খন আই.চি.ইউযুক্ত  ‘ক’ভিড হস্পিতাল’

IMG 20200417 WA0030
৩০০ বিচনাযুক্ত  ভৱন নিৰ্মাণেৰে নতুন ৰূপ পাব কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ে
কৰ’না ভাইৰাছত আক্ৰান্ত যিকোনো লোক বীজাণুমুক্ত হোৱাৰ তথ্য স্বাস্থ্য বিভাগে প্ৰকাশ কৰাৰ পাচত সেইসকলক লৈ ৰাইজৰ কোনো ভয়ৰ কাৰণ নাই । কিয়নো ক’ভিডত আক্ৰান্ত ৰোগীসকল সুস্থ হৈ নিজৰ-নিজৰ ঘৰলৈ ঘৰি যোৱাৰ পাচত ওচৰ-চুবুৰীয়া, গাওঁ অঞ্চলৰ ৰাইজে তেওঁলোকক লৈ আতংকত ভূগিব পাৰে । ওচৰলৈ আহিবলৈ ভয় কৰিব পাৰে, দোকানত দোকানীয়ে বস্তু আগবঢ়াই নিদিব পাৰে । কিন্তু তেনে ভ্ৰান্ত ধাৰণা ৰাইজে ল’ব নালাগে । তেনে ব্যক্তিৰ দেহত যেতিয়া ৰোগেই নাথাকিব সংক্ৰমণ হ’ব কেনেকৈ ।
কৰ’না ভাইৰাছ কোভিড-১৯ আক্ৰান্ত ৰোগী সম্পূৰ্ণ সুস্থ হোৱাৰ পাচত যদিহে কোনো নতুন আক্ৰান্ত ৰোগীৰ সংস্পৰ্শলৈ নাহে, তেন্তে পুনৰ কোনো কাৰণতে ৰোগত আক্ৰান্ত নহয় ।” সেয়েহে ৰাইজে বিষয়টো জনা উচিত । গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৯ জন কৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ ভিতৰত  চাৰিজনক ৰোগমুক্ত বুলি স্বাস্থ্য বিভাগে ঘোষণা কৰি তেওঁলোকক চিকিৎসালয়ৰ পৰা দিয়া ‘ৰিলিজ’ পৰ্বত অংশগ্ৰহণ কৰি অসমৰ স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ উদ্দেশ্যি এনেদৰে আহ্বান জনায় ।
গোলাঘাট অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৯ জন আক্ৰান্তৰ ভিতৰত ক্ৰমে হাইদৰ আলি, ৱাহিদা বেগম, ইয়াকুব আলি আৰু ৰুমা বেগমৰ  যাৱতীয় পৰীক্ষাৰ প্ৰতিবেদন যোৰহাট চিকৎসা মহাবিদ্যালয় আৰু লাহোৱালস্থিত আই.চি.এম.আৰ.ৰ  পৰা লাভ কৰাৰ পাচত গুৱাহাটীৰ ক’ভিড ৰোগ সম্পৰ্কীয় পৰিষদৰ প্ৰতিবেদন লাভ কৰাৰ অন্তত উক্ত চাৰিজনক সম্পূৰ্ণ সুস্থ আৰু বীজাণুমুক্ত বুলি ঘোষণা কৰাৰ তথ্য সংবাদমেলত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে সদৰী কৰে । অৱশ্যে তেওঁলোক গোলাঘাট নগৰৰ এনাজৰী বিবাহ ভৱনত পুনৰ ১৪ দিন নিৰীক্ষণত কটাব লাগিব ।
চিকিৎসালয়ত চিকিৎসাধীন আন দুগৰাকী কোভিড আক্ৰান্ত ক্ৰমে আনোৱাৰ হুছেইন আৰু আলিয়া বেগমৰ পৰীক্ষাৰ ফলাফলত ‘নিগেটিভ’ তথ্য আহিছে যদিও সামান্য নিশ্চিতকৰণৰ বাবে পুনৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু দুই-এদিনৰ ভিতৰতে তেওঁলোককো চিকিৎসালয়ৰ পৰা ‘ৰিলিজ’ দিব পৰা যাব বুলি মন্ত্ৰী ড° শৰ্মাই উল্লেখ কৰে ।  আন তিনিগৰাকী আক্ৰান্ত ক্ৰমে জেচমিন বেগম, ৰহিমুদ্দিন আহমেদ আৰু চালেহা বেগম অৱশ্যে বৰ্তমানেও ৰোগমুক্ত হোৱা নাই । পৰীক্ষাৰ প্ৰতিবেদনত ‘পজিটিভ’ অহাত চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়াত দুদিনমান পলম হ’ব যদিও অহা ১৮ বা ১৯ এপ্ৰিলৰ ভিতৰত গোলাঘাট অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা আটাইসকলেই সম্পূৰ্ণ সুস্থ হোৱাৰ পাচত ৰিলিজ দিব পৰা যাব বুলি স্বাস্থ্য মন্ত্ৰীয়ে আশা প্ৰকাশ কৰে ।
ইফালে  স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাটত  ২৪ খন আই.চি.ইউ. বিচনাযুক্ত ক’ভিড হস্পিতাল আনুষ্ঠানিকভাৱে মুকলি কৰে । অসামৰিক চিকিৎসালয়ৰ সমীপতে নতুনকৈ নিৰ্মাণ কৰা  প্ৰসূতি আৰু শিশুৰ চিকিৎসালয়খনিত ক’ভিড হস্পিতাল প্ৰতিষ্ঠা কৰা হৈছে ।  উক্ত ক’ভিড চিকিৎসালয়খনিত ২৪ টা আই.চি.ইউৰ সুবিধা, ৫৬ খন কোৱাৰেণ্টাইন বিচনা, ৪০ খন আইচ’লেশ্বনৰ বিচনা উপলব্ধ হ’ব বুলি স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে । কৰ’নাৰ পৰিৱেশ স্বাভাৱিক হোৱাৰ পাচত উক্ত চিকিৎসালয়খনিত অৱশ্যে আন ৰোগীৰ বাবে সুবিধা হোৱাকৈ ১৫ টা আই.চি.ইউ সেৱা স্থায়ীভাৱে থাকিব বুলিও তেওঁ উল্লেখ কৰে । গোলাঘাট জিলাবাসীৰ বাবে এক সু-খবৰ যে, কম দিনৰ ভিতৰতে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ে ন-ৰূপ লাভ কৰি ৩০০ বিচনাযুক্ত চিকিৎসালয়লৈও উন্নীত হ’ব । চিকিৎসালয়খনৰ পুৰণা ভৱন ভাঙি ৩০০ বিচনাযুক্ত আটক ধুনীয়া ভৱন নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে । আজিৰ সংবাদমেলত এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে অসমৰ স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । সংবাদমেলত উপস্থিত থাকে কৃষি মন্ত্ৰী অতুল বৰা, বিধায়ক মৃণাল শইকীয়া, জিলা উপায়ুক্ত বিভাস চন্দ্ৰ মোদি।
Exit mobile version