কৰ’নাক লৈ মুনাফা লাভৰ কৌশল চীনৰ

urn publicid ap.org aae5dd84e21e4a189ea7529a4dde9fbf

কৰ’না ভাইৰাছৰ মাৰাত্মক গ্রাসত পতিত হৈছে সমগ্ৰ বিশ্ব। সৰ্বত্ৰে এতিয়া মৃত্যুৰ সমদল আৰম্ভ হৈছে। বিশ্বৰ আগশাৰীৰ দেশসমূহে ভাইৰাছৰ উৎপত্তিস্থলৰূপে চীনকে দায়ী কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এখোজ আগুৱাই গৈ চীনৰ প্ৰতি পক্ষপাতিত্ব মূলক আচৰণ উত্থাপিত কৰি বিশ্ব স্বাস্থ্য সংস্থালৈ আগবঢ়োৱা আৰ্থিক সাহাৰ্য বন্ধ কৰাৰ কথা ঘোষণা কৰিছে। অভিযোগ উত্থাপিত হৈছে যে ব্যৱসায়িক মুনাফা লুটাৰ বাবে চীনে কৰ’নাৰ দৰে মাৰাত্মক বীজাণু বজাৰত মেলি দিছে। তাৰ পিছতে প্ৰতিৰোধক আৱিষ্কাৰ কৰি বিশ্বৰ বজাৰত টকা লুটিবলৈ তৎপৰ হৈছে। এনে এক চেপা দ্বন্দৰ পৰিস্থিতিৰ মাজতে চীনে সমগ্র বিশ্বক আশাৰ পোহৰ দেখুৱাইছে বুলি দাবী কৰে। কৰ’নাৰ মোকাবিলাৰ বাবে দুটা প্ৰতিষেধকৰ মানৱ শৰীৰত পৰীক্ষাৰ বাবে অনুমোদন দিছে চীন জিনপিং চৰকাৰে । এই তথ্য সদৰী কৰে দেশ খনৰ যুটীয়া ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ পৰিষদে।

য়ুহানৰ ‘ইনষ্টিটিউট অৱ বায়’লজিকেল প্ৰডাক্টছ’ৰ উদ্যোগত এই প্ৰতিষেধক প্ৰস্তুত কৰা হৈছে। ইয়াৰ পূৰ্বে ছাৰ্ছ, হেপাটাইটিছ এ আৰু ইনফ্লুৱেঞ্জা ভাইৰাছৰ টীকা আৱিষ্কাৰৰ কথা ঘোষণা কৰিছিল ছিন’ভেক বায়’টেকে। সংস্থাটোৰ মুখ্য কাৰ্যবাহী বিষয়াই কয় যে চীনৰ ৰোগ নিয়ন্ত্ৰণ পৰিষদৰ সহযোগত তেওঁলোকৰ সংস্থাই কাম কৰি আছে। বিগত মাৰ্চত চীনৰ ‘একাডেমি অৱ মেডিকেল চায়েন্সছ’ আৰু কেন্সিনো বায়’ সংস্থাৰ যুটীয়া উদ্যোগত প্ৰস্তুত কৰা প্ৰতিষেধকৰ মানৱ শৰীৰত পৰীক্ষাৰ অনুমতি দিছিল বেইজিঙে । চীনৰ সংবাদ সংস্থা জিনহুৱাৰ এক প্ৰতিবেদন প্ৰথম পৰ্যায়ত পাঁচশ জন লোক এনে পৰীক্ষাৰ বাবে স্বেচ্ছাই আগুৱাই আহিছে। তেওঁলোকে পৰীক্ষাৰ বাবে চৰকাৰী নথিপত্ৰত স্বাক্ষৰ কৰিছে। ইয়াত সফলতা লাভ কৰিলে দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা আৰম্ভ হ’ব।

ইপিনে, ইয়াৰ সমান্তৰাল ভাৱে কৰ’না ভাইৰাছৰ উৎস এতিয়াও ৰহস্যৰ গৰাহত থকাৰ পৰিপ্ৰেক্ষিতত হোৱাইট হাউচৰ এক বিবৃতিত মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে চীনৰ য়ুহানৰ পৰীক্ষাগাৰৰ পৰা এই ভাইৰাছবিধৰ উৎপত্তি হৈছিল নেকি সেই কথা নিশ্চিত কৰিবলৈ চেষ্টা চলাইছে তেওঁৰ চৰকাৰে। মাৰ্কিন টেষ্ট ডিপাৰ্টমেণ্টৰ সচিব মাইক পম্পেয়’ই কয় যে এই সম্পৰ্কত চীনে স্পষ্টীকৰণ দিব লাগিব।  পম্পেয়’ই আমেৰিকাৰ এই স্থিতিৰ বিষয়ে চীনৰ শীৰ্ষ কূটনীতিক ইয়াং লিয়েছক অৱগত কৰিছে।

এই সন্দৰ্ভত চীনে কয় যে তেওঁলোকে কোনো তথ্য লুকুওৱা নাই। সম্পূৰ্ণ স্বচ্ছতা ৰক্ষা কৰা বুলি মন্তব্য কৰি চীনে মাৰ্কিন বিষয়াৰ সন্দেহক কঠোৰভাৱে সমালোচনা কৰিছে। ট্ৰাম্প প্ৰশাসনৰ এজন জ্যেষ্ঠ বিষয়াই বিগত সপ্তাহত কয় যে য়ুহানৰ পৰীক্ষা গাৰৰ সৈতে পোনপটীয়া যোগাযোগ ৰক্ষা কৰি চীনে আমেৰিকাম কাম কৰিবলৈ দিয়া হেতেন বিশ্বজুৰি বহু জীৱন ৰক্ষা কৰিব পৰা গ’লহেঁতেন। আমেৰিকাই একে সময়তে ৰাষ্ট্ৰসংঘয়ো দায়িত্ব পালনত ব্যৰ্থ হোৱা বুলি সমালোচনা কৰে। পম্পেয়’ই কয় যে আৰম্ভণিতে সংক্ৰমণৰ তীব্ৰতা লুকুৱাই ৰাখিছিল চীনে আৰু প্ৰকৃত তথ্য সৰবৰাহ কৰা নাছিল। আমেৰিকাৰ অভিযোগ অনুসৰি য়ুহানত থকা ভাইৰাছ সম্পৰ্কীয় পৰীক্ষা-নিৰীক্ষাৰ পৰীক্ষাগাৰত কোনো লোক সংক্ৰমিত হয় আৰু তেওঁৰ দ্বাৰা ওচৰতে থকা ‘ৱেট মাৰ্কেট’লৈ এই সংক্ৰমণ বিয়পে।

Exit mobile version