হটস্পট, নন হটস্পট আৰু বাফাৰ জ’ন কি

135080 india hotstop

সংক্ৰমণৰ প্ৰাবল্যৰ ওপৰত ভিত্তি কৰি হটস্পট চিহ্নিত কৰা হৈছে। স্বাস্থ্য মন্ত্ৰনালয়ৰ মতে, যিসমূহ অঞ্চলত সংক্ৰমণৰ সংখ্যা সৰ্বাধিক সেইসমূহক হটস্পট বুলি চিহ্নিত কৰা হৈছে। অৰ্থাৎ ৰাজ্যৰ কোনো অঞ্চলত ৮০ শতাংশ বা ততোধিক ৰোগী থাকিলে সেইসমূহক হটস্পট হিচাপে গণ্য কৰা হৈছে। তদুপৰি সংক্ৰমণ বৃদ্ধিৰ হাৰ অনুসৰিও হটস্পট নিৰ্ধাৰণ কৰা হৈছে। অন্যহাতে, কোনো অঞ্চলত আক্ৰান্তৰ সংখ্যা চাৰিদিনৰ ভিতৰত দুগুন হ’লে সেই অঞ্চলক হটস্পটৰূপে চিনাক্ত কৰা হৈছে।

ধৰি লোৱা হওঁক এটা অঞ্চলত এশ ঘৰ লোকে বাস কৰে, ইয়াৰে ভিতৰত ১০ ঘৰৰ প্ৰতি ঘৰতে কৰ’নাত আক্ৰান্ত আছে। এই ক্ষেত্ৰত সেই ঘৰবোৰ নিৰ্ধাৰণ কৰি তাৰ চাৰিওফালে এক নিৰ্দিষ্ট ব্যাসাৰ্ধত কল্পিত ৰেখা অংকন কৰি সমগ্ৰ অঞ্চলক হটস্পটৰূপে চিনাক্ত কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইন অনুযায়ী এই হটস্পটসমূহ ছীল কৰি দিয়া হৈছে। কোনো পৰিস্থিতিত ঘৰৰ পৰা ওলাব নোৱাৰিব অঞ্চলবাসী।

Exit mobile version