দেশত তলাবন্ধ । এই সময়চোৱাত অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহণ কৰা ট্ৰাকে কম সময়ৰ ভিতৰতে গন্তব্যস্থল পাব পৰাকৈ ব্যৱহাৰ কৰা হৈছে মালবাহী ৰেল। ৰাজপথৰ পৰিৱৰ্তে মালবাহী ৰেলৰ ৰেকত ট্ৰাক সমূহ উঠাই দি তড়িত গতিত লক্ষ্য স্থানত পোৱাই দিয়া হৈছে । সম্প্ৰতি এনে সেৱা আগবঢ়াইছে কোংকন ৰেলৱেই । এই জটিল সময় চোৱাত দ্ৰুত সেৱা অব্যাহত ৰাখিব পৰাকৈ সামগ্ৰী বোজাই ট্ৰাক বিলাক ৰেলেৰে পৰিবহণ কৰোৱা হৈছে । এই সেৱাত এবাৰতে ৪৪খন পৰ্যন্ত ট্ৰাক কঢ়িয়াই নিয়াটো সম্ভৱ হয়। দেশত কৰ’নাৰে হোৱা যুঁজত সহায়ক হোৱাকৈ ৰেলেৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে অন্যান্য সমগ্ৰীৰো পৰিবহণ কৰা হৈছে । বৰ্তমান মুম্বাইৰ পৰা মাংগালুৰ পৰ্য্যন্ত দুৰ্গম পাহাৰীয়া অঞ্চলতটোত এনেদৰেই খাদ্য সামগ্ৰী পৰিবহণ কৰি থকা হৈছে । ৰেলেৰে ট্ৰাক পৰিবহণ কৰা এই সেৱা ‘মাৰ্বেল অৱ ৰেল’ নামেৰে অধিক খ্যাত ।
ৰেলেৰে কঢ়িওৱা হৈছে সামগ্ৰীভৰ্তি ট্ৰাক
-
By publisher

- Categories: COVID-19, News
- Tags: Covid-19FIGHT AGAINST COVID-19INDIA FIGHTS CORONA VIRUSSTAY HOME STAY SAFE
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026