তলাবন্ধৰ সময়ছোৱাত ৰাজ্যত বৃদ্ধি পাইছে গাৰ্হস্থ্য হিংসা

111639980 gettyimages 1217101151 1

তলাবন্ধৰ সময়ছোৱাত  তুলনামূলকভাৱে ৰাজ্যত বৃদ্ধি পাইছে গাৰ্হস্থ্য হিংসা ৷ অৱশ্যে পৰিস্থিতিগত কাৰণত বৰ্তমান এই সম্পৰ্কত পঞ্জীয়ন হোৱা নাই গোচৰ ৷ দৈনিক অগ্ৰদূতৰ আগত এই কথা সদৰি কৰি টাটা ইনষ্টিটিউটত অৱ ছ’চিয়েল ছায়েন্সছৰ সহযোগত ৰাষ্ট্ৰীয় মহিলা আয়োগে মহানগৰীৰ পাণবজাৰ আৰক্ষী থানাত মহিলাৰ সহায়ৰ বাবে গঠন কৰা বিশেষ কোষৰ অন্যতম সমন্বয়ক ভাৱনা দাসে কয় যে তুলনামূলকভাৱে বিগত ৪৮ ঘন্টাত সৰ্বাধিক সংখ্যক গাৰ্হস্থ্য হিংসাৰ তথ্য লাভ কৰা হৈছে ৷ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ তত্ত্বাৱধানত তথা টিহুৰ সহযোগত মহিলাৰ সহায়ৰ বাবে কেৱল কামৰূপ মহানগৰ জিলাত পাইলট প্ৰজেক্ট হিচাপে ২০১৬ ত এই বিশেষ কোষ গঠন কৰা হৈছিল যদিও তলাবন্ধৰ সময়ত গুৱাহাটী মহানগৰীৰ উপৰি তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, পাঠশালাকে ধৰি বিভিন্ন প্ৰান্তৰ মহিলাই গাৰ্হস্থ্য হিংসা সম্পৰ্কীয় অভিযোগ দাখিল কৰিছে ৷

অৱশ্যে ভুক্তভোগী মহিলাসকলে সোঁ শৰীৰে এই মুহুততে বিশেষ কোষত উপস্থিত হ’ব নোৱৰাৰ বাবে কোনো গোচৰ পঞ্জীয়ন কৰা নাই । বৰ্তমান সংশ্লিষ্ট ভুক্তভোগী মহিলাসকলক ফোনযোগে প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়োৱা হৈছে ৷ গাৰ্হস্থ্য হিংসাৰ বলি হোৱাসকলৰ উপৰি বহিঃৰাজ্যত আৱদ্ধ হৈ থকা অসমৰ বিভিন্ন প্ৰান্তৰ মহিলাই এই সময়ছোৱাত সহায় বিচাৰি বিশেষ কোষলৈ ফোন কৰা বুলি তেওঁ কয় ৷ ২০১৬ ৰ পৰা আজি পৰ্যন্ত বিশেষ কোষত ৪৫০ টাৰো অধিক গোচৰ পঞ্জীয়ন হোৱা বুলি দাসে উল্লেখ কৰে । লগতে এবাৰ মাত্ৰ দাখিল কৰা অভিযোগৰ সংখ্যা ১৫০ টাৰো অধিক বুলি তেওঁ কয় ৷ গাৰ্হস্থ্য হিংসা প্ৰতিৰোধৰ স্বাৰ্থত মহানগৰ আৰক্ষীয়ে বিশেষ কোষৰ সহায়ক নম্বৰ ছ’চিয়েল মিডিয়াত আপলোড কৰাৰ পাছৰে পৰা এনে অভিযোগৰ সংখ্যা বৃদ্ধি পোৱা বুলি দাসে জনায় ৷

 

Exit mobile version