সাহায্যৰ ধনক লৈ বেংকত ভয়াৱহ পৰিৱেশ

Screenshot 20200418 165510

কৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে আহ্বান জনোৱা দীঘলীয়া তলাবন্ধৰ পৰিপ্ৰেক্ষিতত চৰকাৰে খেতিয়কৰ লগতে সমাজৰ নিম্ন আয়ৰ বিভিন্ন শ্ৰেণীৰ হিতাধিকাৰীলৈ বেংক একাউণ্টৰ জৰিয়তে আৰ্থিক সাহায্য আগবঢ়াইছে ৷ ইয়াকে লৈ বেংকবোৰত সৃষ্টি হোৱা অভাৱনীয় ভিৰে তলাবন্ধৰ মূল উদ্দেশ্যকে অৰ্থহীন কৰি তুলিছে ৷ নিৰাপদ সামাজিক দূৰত্ব ৰক্ষা কৰি ভাইৰাছ সংক্ৰমণ ৰোধ কৰাৰ বিপৰীতে একাউণ্টত জমা হোৱা ধন উলিয়াবলৈ একাংশ লোকে বিগত কেইবাদিন ধৰি বেংকৰ দুৱাৰমুখত হেতাওপৰা লগাই আহিছে। আনকি দ্বিতীয় পৰ্যায়ৰ তলাবন্ধ অধিক কঠোৰ হ’ব বুলি অসম আৰক্ষীয়ে কৰা ঘোষণাকো এনে লোকসকলে ভেঙুচালি কৰা অব্যাহত ৰাখিছে ৷ সেয়েহে সম্প্ৰতি ৰাজ্যজুৰি সৰহ সংখ্যক বেংকৰ শাখাৰ সন্মুখত ধন উলিয়াবলৈ সামাজিক দূৰত্ব নৰখাকৈ গ্ৰাহকৰ অভাৱনীয় ভিৰ হয় । ইয়াকে লৈ গভীৰ সংকটত পৰিছে ৰাজ্য প্ৰশাসন ৷ কাৰণ এই পৰিৱেশ ভয়াৱহ পৰিস্থিতি সৃষ্টিৰ আংশকাহে বৃদ্ধি কৰিছে ৷ সেয়েহে বিকল্প পন্থা কি হ’ব পাৰে তাৰ চিন্তা চৰ্চা চৰকাৰেও অব্যাহত ৰাখিছে ৷

ADVERTISEMENT

এই প্ৰসংগত ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই কয় যে ৰাইজ নিজে সজাগ হ’ব লাগিব ৷ তাৰ বিকল্প পন্থা একো হ’বই নোৱাৰে । ইমানৰ পিছতো একাংশ ৰাইজ সম্ভাব্য পৰিস্থিতিক লৈ সতৰ্ক নোহোৱাটো উদ্বেগজনক। মুখ্য সচিবজনে লগতে কয় যে এই ধৰণৰ পৰিবেশৰ ওপৰত চকু ৰাখিবলৈ জিলা প্ৰশাসনবোৰক দায়িত্ব দিয়া হৈছে। তথাপি বহু মানুহে নিয়ম অমান্য কৰিছে ৷মানুহক নিয়ন্ত্ৰণ কৰিবলৈ আৰু সামাজিক দূৰত্ব বজাই ৰখাটো নিশ্চিত কৰাৰ বাবে এন চি চি,স্কাউট গাইডৰো সহায় ল’ব বিচাৰিছো ৷ প্ৰসংগক্ৰমে ৰাজ্য চৰকাৰৰ এক সূত্ৰই প্ৰকাশ কৰে যে বেংকৰ ভিতৰত সামাজিক দূৰত্ব ৰক্ষা কৰি কাম কাজ চলিছে যদিও বাহিৰৰ পৰিৱেশ সৰহসংখ্যক বেংকৰ ক্ষেত্ৰত উদ্বেগজনক ৷ সেয়েহে হিতাধিকাৰীয়ে ধন উলিওৱা প্ৰক্ৰিয়াটোৰ বিকল্প পথ নিৰ্ণয়ৰ প্ৰচেষ্টা অব্যাহত আছে যদিও ৰাজ্য প্ৰশাসনে এই ক্ষেত্ৰত বৰ্তমান উপায়হীন ৷ গতিকে ৰাইজে নিজৰ সুৰক্ষা নিজে নিশ্চিত কৰাৰ বিকল্প নাই ।

Exit mobile version