ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰৰ ঘোষণা : বেংকৰ হাতত পৰ্যাপ্ত ধন আছে

1544621074 068
ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে আর্থিক পেকেজ ঘোষণা
কৰ’না ভাইৰাছৰ সংক্ৰমনৰ ফলত উদ্ভৱ হোৱা সংকট চম্ভালিবলৈ দেশত অব্যাহত থকা দুটা পৰ্যায়ৰ তলাবন্ধই অৰ্থনীতিৰ ওপৰত মাধমাৰ শোধাইছে । এনে পৰিস্থিতিত দেশৰ অৰ্থনৈতিক ব্যৱস্থা যাতে ভাঙি নপৰে তাৰ বাবে কেন্দ্ৰই বিভিন্ন পদক্ষেপ হাতত লৈছে । দেশৰ সাম্প্ৰতিক আৰ্থিক পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি আজি ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে সকাহমূলক আৰ্থিক পেকেজ ঘোষণা কৰে । লগতে তেঁও কয় যে, কৰ’না পৰিস্থিতিৰ মোকাবিলাত সহায়ক হোৱাকৈ ৰিজাৰ্ভ বেংকে একাধিক পদক্ষেপ ঘোষণা কৰিছে । ইয়াৰে ভিতৰত আছে ৰিভাৰ্ছ ৰেপ’ৰেট হ্ৰাস, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে আর্থিক পেকেজ আদিৰ দৰে গুৰুত্বপূৰ্ণ ঘোষণা । ৰিজাৰ্ভ বেংকৰ আজিৰ এই পদক্ষেপ অপ্ৰত্যাশিত বুলি প্ৰতিক্ৰিয়া  প্ৰকাশিত হৈছে।
ৰিভাৰ্ছ ৰেপ’ৰেট ২৫ ‘বেছিছ পইণ্ট’ হ্রাস কৰি চাৰি শতাংশৰ পৰা ৩.৭৫ শতাংশ হ্ৰাস কৰা হৈছে। ক’ভিড-১৯ সংক্ৰমণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি ৰিজাৰ্ভ বেংকে পৰ্যবেক্ষণ কৰি আছে । চলিত মাৰ্চত আমদানি খণ্ডত সংকোচনৰ হাৰ ৩৪.৬ শতাংশ আৰু এয়া ২০০৮-০৯ ত বিশ্বজুৰি সৃষ্টি হোৱা মন্দাৱস্থাতকৈ বহু শোচনীয়। গৱৰ্ণৰ দাসে কয় যে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে ৫০ হাজাৰ কোটিৰ পেকেজ দিয়া হ’ব। পৰিস্থিতিৰ পৰ্যালোচনা কৰি পৰৱৰ্তী পৰ্যায়ত এই ধনৰ পৰিমাণ বৃদ্ধি হ’ব পাৰে। চলিত বিত্তীয় বৰ্ষত ভাৰতৰ সম্ভাব্য আৰ্থিক বৃদ্ধিৰ হাৰ ১.৯ শতাংশ। দেশৰ বেংকত পৰ্যাপ্ত ধন থকাৰ উপৰিও ম’বাইল আৰু নেট বেংকিং সুচলভাৱে চলি আছে। তদুপৰি ৯১.১ শতাংশ এ টি এম ভালদৰে চলি আছে। তলাবন্ধৰ ফলত দেশত বিদ্যুতৰ চাহিদা ২৫ ৰ পৰা ৩০ শতাংশ হ্রাস পাইছে। এনে আৰ্থিক পৰিস্থিতিৰ মোকাবিলাৰ বাবে ৰিভাৰ্ছ ৰেপ’ৰেটহ্ৰাস কৰা বুলি তেওঁ কয়। ইয়াৰ ফলত বেংকৰ ঋণ লাভ কৰিবলৈ অসুবিধা নহ’ব। ৰিজাৰ্ভ বেংকৰ এই ঘোষণাৰ পাছতে ভাৰতীয় শ্বেয়াৰ বজাৰ তিনি শতাংশ হাৰত উৰ্ধমুখী গতি কৰে।
ADVERTISEMENT
Exit mobile version