ইংলেণ্ডৰ ১৪ পৰ্যটকক শ্বিলঙৰ পৰা অসম-বংগ সীমান্ত পাৰ কৰি পশ্চিমবঙ্গলৈ 

IMG 20200419 WA0015
ইংলেণ্ডৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন দৰ্শনীয় স্থান পৰিদৰ্শন কৰাৰ বাবে প্রায় চাৰি মাহ পূৰ্বে ১৪ জনীয়া পৰ্যটকৰ দল এটাক চৰকাৰীভাৱে অসমৰ পৰা বাহিৰ কৰি পশ্চিমবঙ্গৰ চৰকাৰৰ ওচৰত চমজাই দিয়ে। বিগত বৰ্ষৰ অক্টোবৰ আৰু চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ইংলেণ্ডৰ পৰা ভাৰত ভ্ৰমণলৈ অহা পৰ্যটকৰ দলটোৱে উত্তৰপূবলৈ আহি বিভিন্ন স্থান ভ্ৰমণ কৰি মেঘালয়ত উপস্থিত হোৱাৰ পাছতে দেশত কৰ’নাৰ প্ৰকোপ বৃদ্ধি পায়। যাৰ ফলত ভাৰত চৰকাৰে ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে দেশজুৰি তলাবন্ধ ঘোষণা কৰাৰ পাছতে বিদেশী পৰ্যটকৰ দলটো মেঘালয়ৰ শ্বিলঙত আবদ্ধ হৈ পৰে। মেঘালয় প্ৰশাসনে দলটোক কোৱাৰেণ্টাইনত ৰখাৰ পিছতে ইংলেণ্ডৰ ভাৰতস্থিত দূতাবাসে ইংলেণ্ডৰ নাগৰিকসকলৰ সন্দৰ্ভত ভাৰত চৰকাৰৰ পৰা সহায় বিচাৰে।
ইয়াৰ পিছতে ৮ গৰাকী পুৰুষ আৰু ৬ গৰাকী মহিলাসহ ১৪ জনীয়া বিদেশী পৰ্যটকৰ দলটোৰ প্ৰত্যেক গৰাকীকে স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত শিলিগুৰিলৈ নিয়াৰ ব্যৱস্থা কৰে। অন্যহাতে, তেওঁলোকক শিলিগুৰিৰ পৰা কলকাতা হৈ দিল্লীলৈ নি বিশেষ বিমানেৰে স্বদেশলৈ প্ৰেৰণ কৰা হ’ব বুলি অসম আৰু বংগ প্ৰশাসন সূত্ৰত প্ৰকাশ পায়। ইংলেণ্ডৰ পৰ্যটকৰ দলটোৰ মাজত কৰ’না লৈ আতংক আছে যদিও সচেতন সজাগ হৈ থাকিলে ক’ভিড-১৯ ৰ সতে মোকাবিলা কৰাটো সম্ভৱ হ’ব বুলি পৰ্যটকৰ দলটোৰ এগৰাকী সদস্য ষ্টিভেন কুকে মন্তব্য কৰে। ইংলেণ্ডৰ পৰা ভাৰতলৈ আহি প্ৰায় পাঁচ মাহৰ অধিক সময় কটোৱা এলিজাবেথ এডৱাৰ্ড নামৰ মহিলা পৰ্যটক এগৰাকীয়ে কয় যে উক্ত ভ্ৰমণ চিৰস্মৰণীয় হৈ থাকিব ।
Exit mobile version