কৰ’নাক ধৰাশায়ী কৰিলে ব্ৰিটিছ বৃদ্ধাই 

000 1QM2S7

A handout photo taken and released by Sandwell and West Birmingham NHS Trust on April 15, 2020, shows recovered COVID-19 patient, 106-year-old Connie Titchen (L), and with Sister Kelly Smith, wearing PPE including a face mask, gloves and an apron, posing for a photograph in Birmingham, central England. - After three weeks in a Birmingham hospital fighting the new coronavirus, Connie Titchen was discharged on Wednesday, to a round of applause from hospital staff and her carers. (Photo by - / Sandwell and West Birmingham NHS Trust / AFP) / RESTRICTED TO EDITORIAL USE - MANDATORY CREDIT "AFP PHOTO / Sandwell and West Birmingham NHS Trust / HANDOUT " - NO MARKETING - NO ADVERTISING CAMPAIGNS - DISTRIBUTED AS A SERVICE TO CLIENTS

এগৰাকী শতায়ু গৰকা ব্ৰিটিছ বৃদ্ধা । কৰ’নাক ধৰাশায়ী কৰি জীৱনযুদ্ধত জয়ী হোৱা বৃদ্ধা গৰাকী হৈছে ইংলেণ্ডৰ ১০৬ বছৰীয়া ক’নী টিচেন । মাৰ্চৰ মাজভাগৰ পৰাই টিচেন হঠাৎ অসুস্থ হৈ পৰে । তেওঁৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটা দেখি পৰিয়ালৰ লোকে বাৰ্মিংহামৰ এখন হাস্পতালত ভৰ্তি কৰায়। পৰীক্ষাৰ অন্তত তেওঁৰ শৰীৰত ক’ভিড-১৯ ৰ উপস্থিতি ধৰা পৰে । একেৰাহে তিনি সপ্তাহ ধৰি চিকিৎসা চলাৰ পাছত তেওঁ ক্ৰমাৎ সুস্থ হৈ উঠে । এই সপ্তাহৰ আৰম্ভণিতে তেওঁ হাস্পতালৰ পৰা মুকলি হয় । শতায়ু গৰকা বৃদ্ধা গৰাকীৰ  সুস্থতাত চিকিৎসক আৰু স্বাস্থ্যকৰ্মী সকলেও কৰতালে অভিবাদন জনাইছে ।

১৯১৩ চনত জন্মগ্ৰহণ কৰাৰ পাছত দুখন বিশ্বযুদ্ধ পাৰ কৰি ‘তৃতীয় বিশ্ব যুদ্ধ’ত যেন জয়ী হ’ল ক’নী টিচেন। আপ্লুত হৈ তেখেতে ক’লে, ‘এই ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ কৰি জয়ী হোৱাৰ পাছত নিজকে প্ৰবল ভাগ্যৱতী যেন অনুভৱ হৈছে । নিজৰ পৰিয়ালৰ সদস্য সকলক সাক্ষাৎ কৰাৰ বাবে মই অধৈয‍্য হৈ পৰিছো । কিমান দিন যে ঘৰৰ খাদ্য খোৱা নাই । সেয়ে মোৰ বৰ ভোক লাগিছে ।’  শতায়ু গৰকা এই বৃদ্ধা গৰাকী কৰ’না ভাইৰাছৰ দৰে এটা মহামাৰীৰ পৰা আৰোগ্য হোৱা খবৰে বিশ্ববাসীৰ মাজত ধনাত্মক আশা বিয়পি পৰে । ‘কৰ’না ভাইৰাছৰ জৈৱিক আক্ৰমণ প্ৰতিহত কৰিবলৈ হাবাথুৰি খাইছে সমগ্ৰ বিশ্বই । এই যুদ্ধত নাই কোনো মাৰণাস্ত্ৰ, আছে মাথোঁ ঢালৰূপী সামাজিক দূৰত্ব।

 

Exit mobile version