চীনলৈ সন্দেহৰ চকু ভাৰতৰ, পৰিৱৰ্তন কৰিলে বৈদেশিক নীতি

maxresdefault 2
সম্প্ৰতি বিশ্বৰ সিংহভাগ দেশেই চীনলৈ সন্দেহৰ দৃষ্টি নিক্ষেপ কৰিছে ৷ চীনতে মাৰাত্মক কৰ”না ভাইৰাছৰ উৎস বুলি বিশ্বৰ আগশাৰীৰ দেশসমূহে সন্দেহ প্ৰকাশ কৰাৰ লগতে চীনে সাপ হৈ খোটা আৰু বেজ হৈ জৰাৰ চেষ্টা কৰাৰো অভিযোগ উঠিছে ৷ বিশ্বকে ভুল পথে পৰিচালিত কৰি ভাইৰাছ বিয়পাই দেশখনে এতিয়া কৰ’না প্ৰতিৰোধী টিকা প্ৰস্তুত কৰি বাণিজ্যিক মুনাফা লুটাৰ চেষ্টা কৰাৰো সন্দেহজনক প্ৰশ্ন উত্থাপন হৈছে ৷ এনে এক পৰিস্থিতিতে চীনলৈ সন্দেহৰ দৃষ্টি ৰাখি আজি কেন্দ্ৰীয় চৰকাৰে প্ৰত্যক্ষ বিদেশী বিনিয়োগক লৈ বৃহৎ পদক্ষেপ গ্ৰহণ কৰে । চৰকাৰৰ এই পদক্ষেপক বিৰোধীয়েও শলাগিছে ৷ প্ৰত্যক্ষ বিনিয়োগক লৈ নতুন নীতি অনুসৰি ভাৰতৰ সীমান্তৱৰ্তী দেশসমূহৰ কোনো কোম্পানীয়ে ভাৰতক বিনিয়োগ কৰাৰ পূৰ্বে ভাৰত চৰকাৰৰ অনুমোদন ল’ব লাগিব ৷ পূৰ্বৰ দৰে স্বয়ং ক্ৰিয় পথেৰে যাব নোৱাৰিব ৷ এই ঘোষণা কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ৰ ৷
এই পৰ্যন্ত ভাৰতত দুই ধৰণৰ প্ৰত্যক্ষ বিনিয়োগত অনুমোদন জনোৱা হৈছিল ৷ সেয়া হৈছে স্বয়ংক্ৰিয় পথেৰে বিনিয়োগ, যাৰ বাবে কোম্পানীসমূহক চৰকাৰৰ অনুমোদনৰ প্ৰয়োজন নহয় ৷ অথবা চৰকাৰী পথেৰে বিনিয়োগ, যাৰ বাবে কোম্পানীসমূহে কেন্দ্ৰীয় চৰকাৰৰ সেউজ সংকেত লাভ কৰিব লাগে ৷ গতিকে এতিয়াৰ পৰা ভাৰতৰ সীমান্ত সংলগ্ন দেশে যদি এই দেশত বিনিয়োগ কৰিব বিচাৰে তেন্তে এই ক্ষেত্ৰত চৰকাৰৰ অনুমতি লোৱাটো বাধ্যতামূলক ৷মন কৰিবলগীয়া যে বিদেশী কোনো কোম্পানীয়ে যদি বিনিয়োগ কৰিব বিচাৰে তেন্তে চৰকাৰী অনুমোদনৰ প্ৰয়োজন হোৱা ১৭ টা খণ্ড আছে ৷ ইয়াৰ ভিতৰত আছে টেলিকম, প্ৰতিৰক্ষা আদি ৷ চৰকাৰৰ এই পদক্ষেপৰ পাছত বিৰোধী কংগ্ৰেছৰ সাংসদ তথা শীৰ্ষ নেতা ৰাহুল গান্ধীয়ে টুইটাৰযোগে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ৷ তেওঁ কয় যে বিশ্ব মহামাৰীৰ ফলত দুৰ্বল হৈ পৰা ভাৰতীয় কোম্পানীসমূলৈ সম্ভাব্য ভাবুকিৰ বিষয়ে তেওঁ পূৰ্বতে সকিয়াই দিছিল আৰু এই কথা গ্ৰাহ্য কৰাৰ কাৰণে ভাৰত চৰকাৰক ধন্যবাদ জনায়। টুইটাৰত ৰাহুল গান্ধীয়ে কয় “মোৰ সতৰ্কবাণীৰ প্ৰতি দৃষ্টি দিয়াৰ বাবে আৰু কিছুমান বিশেষ ক্ষেত্ৰত এফ ডি আই নীতিত চৰকাৰী অনুমোদন বাধ্যতামূলক কৰাৰ বাবে চৰকাৰক ধন্যবাদ জনাইছো” ৷
ADVERTISEMENT
Exit mobile version