কৰ’না ভাইৰাছৰ কাৰণে দিয়া তলাবন্ধৰ ক্ষেত্ৰত কিছু শিথিলতা আহিব সোমবাৰ অৰ্থাৎ ২০ এপ্ৰিলৰ পৰা ৷ কিন্তু তলাবন্ধৰ ক্ষেত্ৰত চৰকাৰে ব্যক্তিগত প্ৰতিষ্ঠান বা চৰকাৰী কাৰ্যালয় খুলিব যদিও এই ক্ষেত্ৰত প্ৰযোজ্য কৰিছে কিছুমান নীতি নিয়ম ৷ দেশত কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ চৰকাৰৰ বিভিন্ন পদক্ষেপৰ মাজতে অন্যান্য খণ্ডৰ লগতে নিৰ্মাণ কাৰ্য্যও আৰম্ভ কৰিব পাৰিব ৷
কিন্তু দেশৰ যিসমূহ ঠাইৰ কৰ’না ভাইৰাছৰ হটস্পট হিচাপে পৰিগণিত হৈছে,সেইসমূহ ঠাইত কামকাজ সমূহ শিথিল কৰা নহয়। আনহাতে যিসমূহ শ্ৰমিক তলাবন্ধৰ কাৰণে ৰাজ্যৰ বিভিন্ন ঠাইত আৱদ্ধ হৈ আছে ৷তেওঁলোকে স্থানীয় বিষয়াৰ ওচৰত গৈ নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব ৷ইফালে বিগত সপ্তাহত কেন্দ্ৰই গ্ৰামাঞ্চলৰ কিছুমান উদ্যোগিক আৰু নিৰ্মাণ কাৰ্যৰ কাম আৰম্ভ কৰাৰ কাৰণে অনুমতি প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল ৷
কেন্দ্ৰ,ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত চৰকাৰৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলে ব্যক্তিগত বাহন,অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহন,ই কৰ্মাছ কোম্পানী,কুৰিয়াৰ চাৰ্ভিছ,মনৰেগাৰ লগতে অন্যান্য বিত্তীয় ক্ষেত্ৰৰ কামৰ অনুমতি প্ৰদানৰ সিদ্ধান্ত লয় চৰকাৰে ৷
ADVERTISEMENT