কৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা বহু লোকৰ মৃতদেহ পৰ্যন্ত গ্ৰহণ কৰা নাই পৰিয়ালৰ লোকে কিন্ত এনে অৱস্থাত আকৌ এটা ষাড়ঁৰ মৃত্যুত সমবেত হ’ল কে’বাশ মানুহ । তলাবন্ধৰ নিয়ম উলংঘা কৰি এটা ষাড়ঁৰ শেষকৃত্য সম্পন্ন কৰে তামিলনাডুৰ মুধুবাৰাপট্টি নামৰ গাওঁত । চলিত সপ্তাহতে তামিলনাডুৰ জাল্লিকাটু উৎসৱত অংশগ্ৰহণ কৰা এটা ষাড়ঁ গৰুৰ মৃত্যু হয় । জাল্লিকাটুত অংশ লোৱা ষাড়ঁবোৰৰ স্থানীয় মানুহৰ মাজত যথেষ্ট মৰ্যাদা আছে । এনে ষাড়ঁৰ মৃত্যুত মানুহৰ দৰেই নীতি-নিয়ম পালন কৰি সৎকাৰ কৰাৰ নিয়ম আছে । মৃত ষাড়ঁ গৰুটোৰ ওপৰত দিয়া হৈছে ফুল ,মালা আদি। ধূপ জ্বলাই ষাড়ঁ গৰুটোৰ গাড়ীৰ আগে-পিছে সমদল কৰি গৈছে কে’বাশ লোক । মুখত কোনো আৱৰণ নোলোৱাকৈয়ে ষাড়ঁগৰুটোৰ অন্তিম যাত্ৰাত সামাজিক দূৰত্ব নামানি অংশ ললে এইসকল লোকে । এই দৃশ্য সামাজিক মাধ্যমত বিয়পি পৰে । এই বিষয়টো সমালোচনা কৰিছে বিভিন্ন জনে । উল্লেখ্য যে তামিলনাডুত ১২শ ৰ অধিক লোক এই পৰ্যন্ত ক’ভিড-১৯ ত আক্ৰান্ত হৈছে ,তৎসত্বেও সতৰ্ক নহয় অধিকাংশ লোক । সমগ্ৰ দেশতে এনে তলাবন্ধ ভঙা নিয়ম সংঘটিত হৈ আছে ।
ষাড়ঁৰ অন্তিমযাত্ৰাত কে’বাশ লোকৰ ভিৰ তামিলনাডুত
-
By publisher

In this picture taken on April 13, 2020 villagers gather around the body of a racing bull during its funeral in Madurai. - Some 200 mourners defied India's national coronavirus lockdown to pay their last respects to a bull adored for his race-winning heroics and revered as a deity, an official said April 16. (Photo by - / AFP)
- Categories: COVID-19, News
- Tags: Covid-19FIGHT AGAINST COVID-19INDIA FIGHTS CORONAJallikattu festivalLockdownTAMIL NADU
Related Content
Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী
By
publisher
April 29, 2026
Akhil Gogoi's open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ
By
publisher
April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026