কৰ’না ভাইৰাছ সংক্ৰমণত বাতৰি কাকতক লৈ সৃষ্টি হোৱা উৰা বাতৰিত ক্ষোভিত টংলাৰ এজেণ্ট আৰু হকাৰ

IMG 20200420 124620
সমগ্ৰ বিশ্ব এতিয়া কৰ’না মহামাৰীত আক্ৰান্ত ৷সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষৰ অধিকাংশ ৰাজ্যই কৰ’না মহামাৰীৰ কবলত। ইয়াৰ ব্যতিক্ৰম নহয় আমাৰ ৰাজ্য ৷কৰ’না মহামাৰীৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ সমগ্ৰ দেশত চলি আছে দ্বিতীয় পৰ্যায়ৰ তলাবন্ধ ৷ইতিমধ্যে যোৱা ২৪ মাৰ্চৰ মাজনিশাৰ পৰা আৰম্ভ হোৱা প্ৰথম পৰ্যায়ৰ তলাবন্ধৰ সময়ৰে পৰা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ওডালগুৰি জিলাতো বাতৰি কাকত বিতৰণত ব্যাঘাত জন্মিছিল ৷
বাতৰিকাকতৰ পৰা কৰ’না ভাইৰাছ বিয়পিব পাৰে বুলি উলিওৱা একাংশ লোকৰ উৰা বাতৰিৰ ফলত টংলা অঞ্চলতো এই উৰা বাতৰিৰ প্ৰভাৱত বহু লোকে বাতৰি কাকত ল’বলৈ অস্বীকাৰ কৰিছিল ৷ফলত বিমোৰত পৰিছিল বাতৰি কাকতৰ এজেন্ট তথা হোকাৰসকল। ইয়াৰ পিছতো যোৱা ২৬ মাৰ্চৰ পৰা কৰ’না আতংকৰ লগতে তলাবন্ধক প্ৰত্যাহ্বান হিচাপে লৈ টংলাৰ বাতৰি কাকত এজেণ্ট আৰু হোকাসকলে টংলাৰ ঘৰে ঘৰে গৈ বাতৰি কাকত বিতৰণ কৰে যদিও একাংশ শিক্ষিত লোকে  কৰ’না সংক্ৰমণ হোৱাৰ ভয়ত বাতৰি কাকত ল’বলৈ অস্বীকাৰ প্ৰকাশ কৰে আৰু হোকাৰসকলক দুব্যৱহাৰো কৰে।
ইয়াৰ পিছত বাধ্য হৈ অঞ্চলটোত বাতৰি কাকত বিতৰণ বন্ধ কৰে হোকাৰসকলে ৷আনহাতে তলাবন্ধৰ বাবে দৈনিক পুৱাই বাতৰি কাকতখন হাতত তুলি ন’ললে অশান্তি ভোগা একাংশ লোকেও মন পছন্দৰ বাতৰি কাকতখনৰ বাবে হাহাকাৰ কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে কৰ’না আতংকৰ সমান্তৰালভাৱে তলাবন্ধৰ কটকটীয়া নিৰাপত্তাৰ মাজত সময়ত টংলাত তৰুণ খাউণ্ড,সুবিৰ ৰয়,ৰাজু জৱাদ্দাৰ,কুমাৰ কৃষ্ণ ৰয়,বাবুল শৰ্মা,শ্যামা চৰণ মিত্ৰৰ লগতে পাঠকৰ ঘৰে ঘৰে যোগান ধৰাৰ ব্যৱস্থা কৰে ৷আৰু একাংশ লোকে বাতৰি যোগান ধৰাৰ লোকসকলক ধন্যবাদ জ্ঞাপন কৰে ৷সম্প্ৰতি টংলা বাতৰি কাকত এজেন্ট আৰু হকাৰসকলে ৰাইজক উৰা বাতৰিত পতিয়ন ন’গৈ তলাবন্ধৰ সময়ত ঘৰতে থাকিবলৈ আহ্বান কৰে ৷
Exit mobile version