তিনি মে’ৰ পাছতো ৰেল বিমান চলাচলৰ সম্ভাৱনা ক্ষীণ

AIR INDIA PTI 0
অহা তিনি মে’ত অন্ত পৰিব দেশত অব্যাহত থকা তলাবন্ধৰ দ্বিতীয় পৰ্যায়। এনে ক্ষেত্ৰত চাৰি মে’ৰ পৰা চৰকাৰে তলাবন্ধ উঠাই দি ৰাজহুৱা পৰিবহন ব্যৱস্থা পুনৰ স্বাভাৱিক কৰিব নেকি বুলি সম্প্ৰতি ব্যাপক চৰ্চা অব্যাহত আছে। কিন্তু সেই সম্ভাৱনা একেবাৰে ক্ষীণ ৷কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰই সদৰি কৰা অনুসৰি তিনি মে’ৰ পিছতো বিশেষকৈ যাত্ৰীবাহী ৰেল আৰু বিমানৰ চলাচল বন্ধ থকাৰ সম্ভাৱনাই অধিক ৷স্বাস্থ্য মন্ত্ৰ্যালয়ৰ পৰা সেউজ সংকেত নোপোৱালৈকে এনে চলাচলত চৰকাৰে এনে অনুমতি নিদিয়ে ৷
কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নেতৃত্বত অনুষ্ঠিত মন্ত্ৰীগোটৰ বৈঠকতো ৰাজহুৱা পৰিবহন ব্যৱস্থা তলাবন্ধৰ শেষ হোৱাৰ পাছতো আৰম্ভ কৰাতো সম্ভৱ হ’ব নে নহয় তাৰ বিতং আলোচনা কৰা হয় ৷প্ৰসংগক্ৰমে উল্লেখ্য যে অহা চাৰি মে’ৰ পৰা একাংশ ঘৰুৱা বিমান আৰু পহিলা জুনৰ পৰা নিৰ্ধাৰিত সংখ্যক আন্তৰ্জাতিক বিমান চলাচলৰ উদ্যোগ এয়াৰ ইণ্ডিয়াই গ্ৰহণ কৰিছে। ৰাজনাথ সিঙৰে স’তে হোৱা বৈঠকত স্পষ্ট হয় যে ঘৰুৱাই হওক বা আন্তৰ্জাতিকেই হওক কোনো বিমান চলাচলত অনুমতি দিয়া ন’হব।
চৰকাৰে অনুমতি দিলেহে বিমান সংস্থাসমূহে টিকট বুকিং কৰিব পাৰিব ৷উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা তলাবন্ধৰ কাৰণে অন্যান্য ৰাজহুৱা পৰিবহন সেৱাৰ লগতে ৰেল আৰু বিমানসেৱাসমূহো বাতিল কৰা হয় ।কাৰণ কৰ’না ভাইৰাছৰ সংক্ৰমণৰ অন্যতম অভিকেন্দ্ৰ হৈ পৰিব পাৰে এই পৰিবহন ব্যৱস্থা সমূহ ৷এই সন্দৰ্ভত চৰকাৰী সূত্ৰই আশংকা ব্যক্ত কৰে যে দেশত কৰ’না ভাইৰাছৰ কাৰণে সুস্থিৰ অৱস্থা ঘূৰি অহা নাই ৷গতিকে ৰাজহুৱা পৰিবহনৰ ব্যৱস্থা স্বাভাৱিক কৰাৰ অনুমতি প্ৰদানৰ সম্ভাৱনা নাই চৰকাৰৰ ৷
Exit mobile version